ডিজিটেল ডেস্ক : শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ ভয়ংকৰ বান পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি শাসক-বিৰোধী সকলো বিধায়কে এমাহৰ দৰমহা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। আনহাতে অসম বিধানসভা সচিবালয়ৰ বিষয়া-কৰ্মচাৰীসকলেও এদিনৰ দৰমহা অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াব।
উল্লেখযোগ্য যে কালি অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে সদনত কয় যে উজনিৰ চাৰিখন জিলাৰ ভয়াৱহ বান পৰিস্থিতিৰ বাবে অসম বিধানসভাৰ চলিত ষষ্ঠদশ বাজেট অধিৱেশন বুধবাৰে অৰ্থাৎ ২৯ জুলাইত সমাপ্ত হ'ব। বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত এই সিদ্ধান্ত লোৱাৰ কথা সদৰী কৰি তেওঁ লগতে কয় যে বিধায়কসকলক বানত ক্ষতিগ্রস্ত অঞ্চল পৰিভ্ৰমণ কৰি পৰিস্থিতি বুজ লোৱাৰ লগতে বানপীড়িত ৰাইজক সহায়-সহযোগ যাতে কৰিব পাৰে তাৰ বাবে অসম বিধানসভাৰ অধিৱেশনৰ কার্যকাল ২৯ জুলাইত সমাপ্ত কৰাৰ সিদ্ধান্ত লোৱা হয়।
আনহাতে অধ্যক্ষৰ লগতে উপাধ্যক্ষই এমাহৰ আৰু বিধানসভাৰ সচিবালয়ৰ কৰ্মচাৰীসকলে এদিনৰ বেতন বান সাহায্যৰ বাবে প্ৰদান কৰিব বুলি ঘোষণা কৰাৰ পাছতেই সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকায়ো বিজেপিৰ সকলো বিধায়কে এমাহৰ দৰমহা আগবঢ়োৱাৰ কথা সদনত সদৰী কৰে। ইয়াৰ পিছতে বিৰোধী দলপতি বাজেদ আলী চৌধুৰীয়েও কংগ্ৰেছ দলৰ বিধায়কসকলৰ তৰফৰ পৰা এমাহৰ দৰমহা, তৃণমূল কংগ্ৰেছ দলৰ বিধায়ক শ্বেৰমান আলীয়েও এমাহৰ দৰমহা আগবঢ়োৱাৰ কথা সদনত ঘোষণা কৰে। আনহাতে অসম গণ পৰিষদ দলৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই ইতিমধ্যে অসম গণ পৰিষদ দলৰ বিধায়কসকলে এমাহৰ দৰমহা আগবঢ়োৱা বুলি ব্যক্ত কৰে। অনুৰূপ ধৰণে বি পি এফ দলৰ বিধায়কেও এমাহৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্য পুজিলৈ আগবঢ়াব বুলি ঘোষণা কৰে। এ আই ইউ ডি এফ দলৰ বিধায়ক মুজিবুৰ ৰহমানে দৰমহাৰ উপৰি দুই লাখ টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াব বুলি সদনত প্রকাশ কৰে। শাসক-বিৰোধী সকলো বিধায়কে এনেদৰে স্ব-ইচ্ছাৰে নিজৰ এমাহৰ বেতন বানাক্ৰান্তসকলৰ বাবে দান কৰাটো লক্ষণীয় হৈ পৰিছে।