বান বিধ্বস্ত ৩ জিলাৰ শিক্ষাৰ্থীক শিক্ষণ সামগ্রী আগবঢ়াব অসম বিজ্ঞান সমিতিয়ে, অব্যাহত আছে ক্ষতিগ্ৰস্ত বিদ্যালয়ৰ জৰীপ

dainik janambhumi July 29, 2026

ডিজিটেল ডেস্ক : সাম্প্রতিক বিধ্বংসী বানে ঘৰ-বাৰী উছন কৰা শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ ক্ষতিগ্রস্ত অঞ্চলসমূহত কিছু পৰিমাণে পানী কমিছে যদিও আপোন ঘৰখনৰ এতিয়া অবর্ণনীয় অৱস্থা দেখি প্ৰতিগৰাকী গৃহস্থ তথা গৃহিণী শোকত ভাগি পৰিছে। জীৱন-জীৱিকাৰ সকলো সম্বলেই নিমিষতে শেষ হৈ যোৱাত কোনোমতে প্ৰাণ ৰক্ষা পৰা সন্তানসকলৰ শৈক্ষিক জীৱনলৈও নামি আহিছে ভয়ানক দুর্যোগ। এফালে ইখনৰ পাছত সিখন গাঁৱৰ বিধ্বস্ত অৱস্থা আৰু আনফালে প্রতিখন বিদ্যালয়ৰেই চৌহদৰ লগতে বিদ্যালয় গৃহৰ ভিতৰে-বাহিৰে বোকা-পলসৰ কদৰ্য ৰূপে শৈক্ষিক পৰিৱেশৰ প্ৰতিও গুৰুতৰ সংকট মাতি আনিছে। বিধ্বংসী বানৰ এনে মৰ্মান্তিক পৰিস্থিতিৰ মাজতে বানদুৰ্গত অঞ্চলৰ শৈক্ষিক পৰিৱেশ পুনৰ ঘূৰাই অনাৰ প্ৰয়াসেৰে অসম বিজ্ঞান সমিতিয়ে মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ সহায়ক হোৱাকৈ কেতবোৰ বিশেষ পদক্ষেপ গ্রহণ কৰিছে। 

এই সন্দৰ্ভত অসম বিজ্ঞান সমিতিৰ এক সূত্ৰই 'দৈনিক জনমভূমি'ক জানিবলৈ দিয়া মতে, বানত বিধ্বস্ত জিলা তিনিখনৰ সংশ্লিষ্ট অঞ্চলসমূহত মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিজ্ঞান সমিতিয়ে শিক্ষণ সামগ্রী যোগান ধৰিব। এই প্রসংগত বিজ্ঞান সমিতিয়ে জানিবলৈ দিয়ে যে পাঠ্যপুথি যিহেতু ৰাজ্য চৰকাৰে যোগান ধৰি আহিছে আৰু হয়তো বানবিধ্বস্ত অঞ্চলত পুনৰ যোগান ধৰাৰ ব্যৱস্থা চৰকাৰে কৰিব। সেয়েহে এই অঞ্চলৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ্থীক শিক্ষণ সামগ্রী হিচাপে অনুশীলন বহী, কলম, কাঠপেন্সিল, ৰবৰ, স্কেল, পেন্সিল কাটাৰ আদি যাৱতীয় সামগ্ৰী পেকেট কৰি ক্ষতিগ্রস্ত অঞ্চলত বিতৰণ কৰা হ'ব। এনেদৰে শিক্ষণ সামগ্রীসমূহ পলিথিন বা প্লাষ্টিকৰ পেকেটৰ পৰিৱৰ্তে অসম বিজ্ঞান সমিতিৰ প্লাষ্টিকমুক্ত পৰিৱেশ অক্ষুণ্ণ ৰখাৰ লক্ষ্যক গুৰুত্ব দি কাপোৰৰ বেগত বান্ধি দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলিও সমিতিৰ সূত্রই জানিবলৈ দিয়ে। 

ইতিমধ্যে অসম বিজ্ঞান সমিতিৰ উক্ত জিলা তিনিখনৰ বিভিন্ন শাখাই বানত ক্ষতিগ্রস্ত অঞ্চলসমূহৰ মাধ্যমিক বিদ্যালয়সমূহৰ তথ্য সংগ্ৰহ অব্যাহত ৰাখিছে আৰু সংশ্লিষ্ট অঞ্চলসমূহৰ বিধ্বস্ত ঘৰবোৰৰ বোকা-পলস আঁতৰাই বসবাসৰ কিছু উপযোগী হ'লেই বিজ্ঞান সমিতিয়ে সংশ্লিষ্ট অঞ্চলৰ শিক্ষাৰ্থীৰ মাজত শিক্ষণ সামগ্ৰী বিতৰণ কৰিব। ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ পৰা উক্ত তিনি জিলাৰ দুৰ্গতক সহায়ৰ বাবে গৰিষ্ঠ সংখ্যকেই উঠি পৰি লাগিছে। এনে সময়তে অসম বিজ্ঞান সমিতিয়েও নতুন প্ৰজন্মৰ সন্মুখলৈ অহা প্রত্যাহ্বানত আশাৰ ৰেঙণি হৈ মানুহে মানুহৰ বাবে চিন্তা কৰাৰ এয়া উপযুক্ত সময় বুলিও চর্চিত হৈছে।

Share This