ডিজিটেল ডেস্ক: ভাৰত ভূটান সীমান্তৱৰ্তী ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া। বনৰক্ষীৰ গুলীত নিহত ফুংখা বসুমতাৰী নামৰ কাঠ মাফিয়াজন।
কচুগাঁও বন সংমণ্ডলৰ আঠিয়াবাৰী ৰেঞ্জৰ ১৩ নম্বৰ ৰাইটত এই ঘটনা সংঘটিত হয়। মঙলবাৰে সন্ধিয়া বন বিভাগৰ দল এটাই আঠিয়াবাৰী ৰেঞ্জৰ ১৩ নম্বৰ ৰাইটত অভিযান কৰিবলৈ গৈছিল, সেই সময়ত চোৰাং কাঠ বেপাৰীৰ সৈতে বন বিভাগৰ মুখামুখি হোৱাত বনৰক্ষীৰ গুলীত নিহত হয় বিমল বসুমতাৰীৰ পুত্ৰ ফুংখা বসুমতাৰী ।
৬ জনীয়া চোৰাং কাঠ মাফিয়াৰ দল এটাই ৰাষ্ট্ৰীয় উদ্যানখনত আশ্ৰয় লোৱাৰ খবৰ পাই মংগলবাৰে সন্ধিয়া বন বিভাগৰ দলটিয়ে অভিযান চলায়। মাফিয়াৰ দলটোৰ সৈতে মুখামুখি হোৱাত বনৰক্ষীয়ে চলোৱা আত্মৰক্ষামূলক গুলীচালনাত নিহত হয় যুৱকজন।
বুধবাৰে পুৱা বন বিভাগ আৰু আৰক্ষীৰ যুটীয়া দলে বনাঞ্চলৰ ভিতৰৰ পৰা ফুংখা বসুমতাৰী মৃতদেহ উদ্ধাৰ কৰে।
আঠীয়াবাৰী ৰেঞ্জত অপ্ৰীতিকৰ ঘটনা যাতে নহয় তাৰ প্রতি লক্ষ্য ৰাখি নিৰাপত্তা বাহিনী মোতায়িন কৰা হৈছে।
আঠিয়াবাৰী ৰেঞ্জত যাতে কোনো অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তা বাহিনী মোতায়িন কৰা হৈছে।

উৎস: প্ৰাগ নিউজ ডিজিটেল