দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩জন লোকৰ মৃত্যু

Rashmi August 20, 2025

ডিজিটেল ডেস্ক : দিল্লীৰ দৰিয়াগঞ্জ অঞ্চলত আজি সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। এটা অট্টালিকা ভাঙি ৩জন লোকৰ মৃত্যু হয়। বিষয়াগৰাকীয়ে জনোৱা মতে, নিশা ১২-১৪ বজাত ৩ মহলীয়া অট্টালিকাৰ এটা অংশ ভাঙি পৰাৰ খবৰ পোৱা গৈছে। ইয়াৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীয়ে চাৰিখন বাহন ঘটনাস্থলীলৈ প্ৰেৰণ কৰে। উদ্ধাৰ অভিযান বৰ্তমান চলি আছে।


ধ্বংসাৱশেষত আবদ্ধ হৈ থকা লোকসকলক বিচাৰিবলৈ উদ্ধাৰ কৰ্মীয়ে চলাইছে অভিযান। দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ এজন বিষয়াই জনোৱা মতে, নিৰ্মাণকাৰ্য চলি থকাৰ সময়তে হঠাতে অট্টালিকাটো খহি পৰে। অৱশ্যে অট্টালিকাটো খহি পৰাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে জনোৱা মতে, এই বিষয়ত তদন্ত অব্যাহত আছে।

মৃত লোকসকল আছিল শ্ৰমিক

ধ্বংসাৱশেষৰ পৰা তিনিজন লোকক উলিয়াই তৎক্ষণাৎ এল এন জে পি হস্পিটেল প্ৰেৰণ কৰা হয় আৰু চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে। নিহত দুজন জুবাইৰ, গুলসাগৰ আৰু তৌফিক বুলি চিনাক্ত কৰা হৈছে। তিনিওজনেই আছিল শ্ৰমিক।


দৰিয়াগঞ্জ থানাৰ পিছফালে থকা সদ্ভাৱনা পাৰ্কৰ সমীপত সংঘটিত হৈছে এই ঘটনা। দিল্লী আৰক্ষীয়ে নিশ্চিত কৰিছে যে ইতিমধ্য তিনিজন লোকৰ মৃত্যু হৈছে। ঘটনাস্থলীত উপস্থিত আছে দিল্লী আৰক্ষীৰ জোৱান ।


উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This