ডিজিটেল ডেস্ক : বাংলাদেশ ক্রিকেট ব'ৰ্ডে (বি চি বি) ভাৰতৰ বিৰুদ্ধে দ্বি-পাক্ষিক শৃংখলা আয়োজন কৰাৰ পৰিকল্পনা কৰিছে। অৱশ্যে, ভাৰত চৰকাৰে অনুমোদন নিদিলে বাতিল হ'ব পাৰে আসন্ন এই শৃংখলা। তৎসত্ত্বেও ভাৰতীয় দলটোক বাংলাদেশলৈ অনাৰ বাবে দেশখনৰ ক্ৰিকেট ব'ৰ্ডে যৎপৰোনাস্তি চেষ্টা চলাইছে। প্রয়োজন হ'লে পূর্ণাংগ শৃংখলাৰ সলনি এটা ফৰমেটৰ শৃংখলা আয়োজনৰ প্ৰস্তাৱো দিছে বাংলাদেশে। এই কথা জানিবলৈ দিছে ভাৰতীয় এক সংবাদ মাধ্যমে।
এই বিষয়ত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'ৰ্ডৰ এক সূত্রইকয়, "বাংলাদেশ ক্রিকেটব'র্ডে প্রয়োজন হ'লে এটা ভ্যেনুতে পূর্ণাংগ শৃংখলা আয়োজনৰ বাবে ৰাজী আছে। অৱশ্যে, তেওঁলোকৰ প্ৰথম পচন্দ তিনিখনীয়া টি-২০ এটা ভ্যেনুতে আৰু তিনিখনীয়া এদিনীয়া অন্য এটা ভ্যেনুত আয়োজন কৰা। সেই ক্ষেত্রত ঢাকা আৰু ছট্টগ্রাম আগুৱাই আছে। যিকোনো এটা ফৰমেটৰ শৃংখলা আয়োজনৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি।” যোৱা বছৰৰ মাজভাগত ভাৰতে বাংলাদেশ ভ্ৰমণ কৰাৰ কথা আছিল।
কিন্তু ২০২৪ চনৰ জুলাই-আগষ্ট মাহত বাংলাদেশত চৰকাৰ সলনি হোৱাৰ পাছত দুয়োখন দেশৰ মাজৰ ৰাজনৈতিক সম্পৰ্কৰ অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত ভাৰতে উক্ত ভ্রমণ পিছুৱাই দিয়ে। পিছলৈ এই ভ্রমণ ১৩ মাহৰ বাবে চলিত বৰ্ষৰ আগষ্ট-ছেপ্টেম্বৰলৈ পিছুৱাই দিয়া হয় যদিও চূড়ান্ত অনুমোদন এতিয়াও পোৱা নাই।