৭ বছৰৰ পূৰ্বেই উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰিছিল দেৱব্ৰত শইকীয়াই, দিখৌত খননে আনিলে বিপদ

dainik janambhumi July 28, 2026

ডিজিটেল ডেস্ক : দিখৌৰ ওপৰত অত্যাচাৰ চলোৱা হৈছিল। নদীখনৰ উজনি অংশত অবৈধ খনন চলাই নদীখনৰ বুকুত থকা প্রাকৃতিক সম্পদৰাজি লুণ্ঠন কৰা হৈছিল। যাৰ পৰিণতিত হঠাতে অহা বানে ৰুদ্ৰৰূপ ধাৰণ কৰি নিমিষতে লাখ লাখ লোকৰ জীৱনলৈ অন্ধকাৰ নমাই আনে। 

সকলোতকৈ ডাঙৰ কথা যে এনে এক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি ২০১৯ চনতেই শংকা কৰা হৈছিল। আনকি গুৱাহাটী উচ্চন্যায়ালয়ে সকীয়ায়ো দিছিল ৰাজ্য চৰকাৰখনক। কিন্তু একো ব্যৱস্থা গ্রহণ কৰা নহ'ল। যাৰ বাবে আজি দিখৌৰ ধলে উটুৱাই দিলে সহস্ৰজনৰ সপোন। 

উল্লেখযোগ্য যে পূৰ্বৰ নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৬২/২০১৯ নম্বৰৰ এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰি দিখৌত চলি থকা অবৈধ কাম-কাজৰ বিষয়ে অৱগত কৰিছিল। আবেদনখনত শইকীয়াই মাইন এণ্ড মিনাৰ অবৈধ খননৰ বিৰুদ্ধে টাস্ক ফ'ৰ্চ বেটেলিয়ন গঠনৰ আৱেদন জনাই প্রয়োজনীয় ডিষ্ট্ৰিক মিনাৰেল ফাউণ্ডেশ্যন ট্রাষ্ট গঠনৰো নির্দেশ দিবলৈ অনুৰোধ কৰিছিল। ইয়াৰ উপৰি এখন উচ্চ পৰ্যায়ৰ কমিটী গঠনেৰে দিখৌ নদী আৰু ইয়াৰ সংলগ্ন জৈৱ-বৈচিত্র্যতা তথা প্রকৃতি ধ্বংসৰ ফলত হোৱা প্ৰভাৱ অধ্যয়ন কৰিবলৈ আৱেদন জনাইছিল। আনকি দিখৌ নৈয়ে গতি-পথ সলনি হোৱাৰ কাৰণসমূহ বিচাৰি সঠিক একশ্যন প্লেন ল'বৰ বাবেও চৰকাৰী বিভাগক নির্দেশ দিবলৈ আৱেদনকাৰীয়ে ন্যায়ালয়ক জনাইছিল। 

ইফালে, এই আৱেদনৰ পাছতে উচ্চ ন্যায়ালয়ে সংশ্লিষ্ট বিভাগ তথা কর্তৃপক্ষক এই বিষয়টোৰ অধ্যয়ন, অনুসন্ধানেৰে সকলো তথ্য ন্যায়ালয়ক জমা দিবলৈ নির্দেশ দিছিল। সেই অনুসৰি ৰাজ্য চৰকাৰৰ এটা দল বিহুবৰলৈ গৈ ৮টা শিল কুঁৱেৰীৰ অস্তিত্ব ধৰা পেলাইছিল। কিন্তু তাৰে দুটাহে কার্যক্ষম হৈ আছিল। আনহাতে, পৰিৱেশ আৰু বন বিভাগৰ অসমৰ সচিবগৰাকীয়ে সমগ্র বিষয়টো অধ্যয়নৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰা হ'ব বুলি আদালতক জনাইছিল। বিশেষকৈ ইক'ছিষ্টেমৰ প্ৰতি অহা ভাবুকি আৰু দিখৌ নৈত ইয়াৰ ফলত পৰা প্ৰভাৱ অধ্যয়ন কৰিবলৈ এই কমিটী গঠন কৰাৰ প্ৰতিশ্রুতি দিছিল। উক্ত ৰাজহুৱা স্বার্থজড়িত আৱেদন সন্দৰ্ভত উন্মোচিত হৈছিল কিদৰে পাহাৰ খনন, শিল খনন, বালি খনন, কয়লা খনন আদি চলি আছিল। অভিযোগ অনুসৰি অসমৰ গাতে লাগি থকা নগালেণ্ডৰ পাহাৰ খান্দোতে খান্দোতে ওপৰত পাহাৰ থাকিলেও ভিতৰভাগ ফোঁপোলা হৈ পৰিছিল। কিন্তু অসম চৰকাৰে উক্ত এলেকা নগালেণ্ডৰ বুলি কৈ সমগ্ৰ বিষয়টো আওকাণ কৰিছিল। আনকি ৰাজ্য চৰকাৰে দাবী কৰিছিল যে এনে খননৰ ফলত কোনো প্ৰভাৱ দিখৌ নৈৰ ওপৰত পৰা নাই। 

ইফালে, আৱেদনখনৰ শুনানি গ্রহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তেতিয়াৰ মুখ্য ন্যায়াধীশ অজয় লাম্বাই এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন, মাইন এণ্ড মিনাৰেল টাস্ক ফ'ৰ্চ বেটেলিয়ন গঠন কৰি সেইবোৰ প্ৰতিৰোধৰ ক্ষেত্ৰত ব্যৱস্থা গ্রহণ কৰিব লাগে বুলি নির্দেশ দিছিল। আনকি এই বিষয়বোৰ যাতে গুৰুত্বসহকাৰে সকলোৱে লয়, তাৰবাবে অসম চৰকাৰক পৰিৱেশ আৰু বন বিভাগৰ সচিব, মাইনছ এণ্ড মিনাৰেল বিভাগৰ আয়ুক্ত সচিব, জিঅ'লজী এণ্ড মাইনিঙৰ সঞ্চালক, প্রদূষণ নিয়ন্ত্রণ ব'র্ড অসমলৈ, শিৱসাগৰ উপায়ুক্তলৈ, অসম চৰকাৰৰ মুখ্য সচিবলৈ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়লৈ সংশ্লিষ্ট নির্দেশৰ প্ৰতিলিপি প্ৰেৰণৰ নিৰ্দেশ জাৰি কৰিছিল। আনকি তেতিয়াই অবৈধ খননৰ বিৰুদ্ধে ন্যায়ালয়ে চৰকাৰক আৰু স্থানীয় প্রশাসনক সজাগ-সচেতনতাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ জাৰি কৰিছিল। কিন্তু এই নির্দেশৰ পাছতো চৰকাৰে একো নকৰিলে। যাৰ বাবে আজি এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল।

Share This