শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীৰ পাঁচ লাখ কোটি লাভ, খাৰুৱা তেলৰ বেৰলত ৮৭ ডলাৰলৈ হ্রাস

dainik janambhumi July 28, 2026

ডিজিটেল ডেস্ক : আমেৰিকা আৰু ইৰানৰ যুদ্ধ বন্ধ হোৱাৰ পাছত কালি আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম হ্রাস পায়। কালি আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম প্রায় ৯%তকৈ অধিক হ্রাস পায়। কালি ব্রেন্ট খাৰুৱা তেলৰ দাম প্রতি বেৰলত ৮৭ ডলাৰলৈ নামে। 

উল্লেখযোগ্য যে ইৰান আৰু আমেৰিকাৰ মাজত চলি থকা যুদ্ধৰ ফলত যোৱা সপ্তাহত ব্রেন্ট খাৰুৱা তেলৰ দাম প্রতি বেৰলত ১০০ ডলাৰৰ অধিক হৈছিল। যোৱা শনিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইৰানত আক্ৰমণ বন্ধ কৰা বুলি ঘোষণা কৰে। ইয়াৰ লগে লগে ইৰানেও আক্ৰমণ বন্ধ কৰে। ইয়াৰ পাছতে কালি সপ্তাহৰ প্ৰথম দিনটোত খাৰুৱা তেলৰ দাম হ্রাস পায়। ব্ৰেণ্ট খাৰুৱা তেলৰ দাম আৰু অধিক হ্রাস পোৱাৰ সম্ভাৱনা আছে। 

ইফালে ৱেষ্ট টেক্সাছ ইণ্টাৰমিডিয়েট খাৰুৱা তেলৰ দামো প্রতি বেৰলত ৮৪ ডলাৰলৈ হ্রাস পাইছে। যুদ্ধ বন্ধ হোৱাৰ পাছক হৰমুজ প্রণালীৰে জাহাজৰ চলাচল পুনৰ স্বাভাৱিক হোৱাৰো সম্ভাৱনা বৃদ্ধি পাইছে। ইফালে হুথী বিদ্রোহী আৰু ছৌডি আৰবৰ মাজত আক্রমণ-প্রতিআক্রমণ চলি থকাৰ ফলত বাব আল মণ্ডেব প্রণালীৰে চলাচল কৰা জাহাজৰ সংখ্যা হ্রাস পাইছে। হুথী বিদ্রোহীয়ে ছৌডি আৰবৰ তেল আন্তঃগাঁথনিত ড্র'ন আক্রমণ কৰে। 

হুথী বিদ্রোহীয়ে দাবী কৰা মতে তেওঁলোকে কেইবাটাও ড্র'ন আক্রমণেৰে পূব ছৌডি আৰবৰ য়ানবুলৈকে খাৰুৱা তেলৰ যোগান আৰু পৰিবহণৰ সৈতে জড়িত কেইবাটাও স্থানত আক্ৰমণ কৰে। ইয়াৰ লগতে তেল শোধনাগাৰতো আক্ৰমণ কৰে। ছৌডি আৰবৰ মতে, দেশখনত হুথী বিদ্রোহীয়ে কেইবাৰো ড্ৰ'ন আক্রমণ কৰে আৰু কেইবাখনো ড্র'ন ধ্বংস কৰে। ছৌডি আৰবেও য়েমেনত থকা হুথী বিদ্রোহীৰ সামৰিক ঠিকনাত আক্ৰমণ কৰে ।

Share This