'বুদ্ধৰ ঐতিহ্যৰ প্ৰতিপালক ভাৰত, পৰম্পৰাৰ বাহক'

dainik janambhumi January 04, 2026

ডিজিটেল ডেস্ক : দিল্লীত বুদ্ধৰ স্মাৰক সামগ্ৰীসমূহৰ প্ৰসংগৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কয় যে ভাৰতৰ আপুৰুগীয়া ঐতিহ্য ১২৫ বছৰ অপেক্ষাৰ পাছত দেশলৈ উভতি আহিল। সমৱেত ৰাইজৰ আগত মোদীয়ে কয়, 'যিসকল লোকে এইবোৰ লৈ গৈছিল তেওঁলোকৰ বাবে এইবোৰ আছিল কেৱল এণ্টিক (প্রাচীন সামগ্রী)। সেয়ে, তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় বজাৰত এইবোৰ নিলাম কৰিবলৈ চেষ্টা কৰিছিল। 

ভাৰতে সিদ্ধান্ত ল'লোঁ যে আমি সেইবোৰ নিলাম হ'বলৈ নিদিওঁ। আমি গডৰেজ কোম্পানীৰো শলাগ লৈছোঁ। সামগ্রীসমূহ বুদ্ধৰ ভূমিলৈ উভতি অহাটো সম্ভৱ হ'ল।' উল্লেখযোগ্য যে ১৮৯৮ চনত ব্ৰিটিছ শাসনৰ সময়ত উত্তৰ প্ৰদেশৰ পিপৰহৱাত (কপিলাবস্তু অঞ্চলৰ) হোৱা খননত ভগৱান বুদ্ধৰ স্মাৰক সামগ্রী পোৱা গৈছিল। 

কিন্তু খনন কৰা ইঞ্জিনীয়াৰ ডব্লিউ চি পেপেয়ে এইবোৰ বাহিৰলৈ প্ৰেৰণ কৰিছিল। এই স্মাৰকবোৰৰে প্ৰদৰ্শন হৈছে দিল্লীৰ ৰায় পিথৌৰা সাংস্কৃতিক চৌহদত। এই প্রদর্শনী অনুষ্ঠানতে মোদীয়ে কয়, 'ভাৰত কেৱল ভগৱান বুদ্ধৰ ঐতিহ্যৰ প্রতি পালকেই নহয়, তেওঁৰ পৰম্পৰাৰ বাহকো।'

Share This