নতুন ভৱনলৈ আজি স্থানান্তৰ হ'ব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, 'সেৱাতীৰ্থ'ৰ পৰা নিয়ন্ত্রণ হ'ব দেশ

dainik janambhumi February 13, 2026

ডিজিটেল ডেস্ক: প্রধানমন্ত্রী কার্যালয়ে আজি ছাউথ ব্লকৰ পৰা ঐতিহাসিক বিদায় ল'ব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয় সেৱা তীৰ্থলৈ স্থানান্তৰ হ'ব। প্রধানমন্ত্রী মোদীয়ে কাইলৈ বিয়লি ১-৩০ বজাত 'সেৱা তীর্থ' ভৱন প্ৰকল্পৰ নামফলক মুকলি কৰিব। ইয়াৰ পাছত সন্ধিয়া ৬ বজাত সেৱা তীর্থ, কর্তব্য ভৱন-১ আৰু কর্তব্য ভৱন-২ মুকলি কৰিব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে এটা ৰাজহুৱা অনুষ্ঠানত ভাষণ দিব। কর্তব্য ভৱন প্ৰধানমন্ত্ৰীৰ নতুন কার্যালয় হ'ব আৰু কৰ্তব্য ভৱন-১ আৰু ২৩ বিভিন্ন মন্ত্ৰ্যালয়ৰ নতুন কার্যালয় থাকিব। 

উল্লেখযোগ্য যে বর্তমান প্রধানমন্ত্রী আৰু বিভিন্ন মন্ত্ৰ্যালয়ৰ কাৰ্যালয় নতুন দিল্লীস্থিত চেক্রেটেৰিয়েত বিল্ডিঙৰ নৰ্থ আৰু ছাউথ ব্লকত আছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীৰ নতুন কার্যালয় সেৱা তীর্থ তথা কর্তব্য ভৱন-১ আৰু কৰ্তব্য ভৱন-২ চেন্ট্রেল ভিষ্টা পুনৰ বিকাশ আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছে। সেৱা তীৰ্থৰ পুৰণি নাম আছিল এগজিকিউটিভ এনক্লেভ আৰু এতিয়া ই দেশৰ প্ৰশাসনিক কাম-কাজৰ কেন্দ্ৰ হৈ পৰিব। সেৱা তীৰ্থত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ (পি এম অ') উপৰি ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ কাৰ্যালয় আৰু মন্ত্রীসভাৰ সচিবালয়ো থাকিব। 

চৰকাৰীভাৱে কোৱা হৈছে যে প্রধানমন্ত্রীয়ে আজি কৰিবলগীয়া মুকলি অনুষ্ঠান ভাৰতৰ প্ৰশাসনিক শাসন গাঁথনিত এই পৰিৱৰ্তনকামী গুৰুত্বপূর্ণ ঘটনাৰূপে পৰিগণিত হ'ব আৰু ই এক আধুনিক, দক্ষ আৰু নাগৰিক কেন্দ্রিক শাসনতন্ত্ৰৰ বাবে প্ৰধানমন্ত্ৰীৰ সংকল্পক প্রতিফলিত কৰিছে। উল্লেখযোগ্য যে দিল্লীৰ বিভিন্ন স্থানত সিঁচৰতি হৈ থকা বিভিন্ন মন্ত্ৰ্যালয় আৰু গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয়সমূহ চেন্ট্রেল ভিষ্টা প্ৰকল্পৰ অধীনত একেটা স্থানত কেন্দ্ৰিত কৰা হ'ব। 

উল্লেখযোগ্য যে সেৱা তীৰ্থৰ লগতে কর্তব্য ভৱন-১ আৰু ২৩ সকলো ধৰণৰ অত্যাধুনিক সা-সুবিধাৰ ব্যৱস্থা কৰা হৈছে। এই অত্যাধুনিক ভৱনসমূহক প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ উপৰি বিত্ত মন্ত্ৰ্যালয়, প্ৰতিৰক্ষা মন্ত্ৰ্যালয়, গৃহ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, শিক্ষা, কৰ্প'ৰেট পৰিক্ৰমা, সংস্কৃতি, আইন আৰু ন্যায়, তথ্য আৰু সম্প্ৰচাৰ, কৃষি আৰু কৃষক কল্যাণ আদি মন্ত্ৰ্যালয়ৰ কাৰ্যালয়ো থাকিব। 

ইফালে ছাউথ ব্লকত আজি কেন্দ্রীয় কেবিনেটৰ অন্তিম বৈঠক অনুষ্ঠিত হয়। এই বৈঠকখন অতি বিশেষ ধৰণৰ হোৱাৰ লগতে আৱেগিকো হৈ পৰিব। প্ৰধানমন্ত্ৰীৰ পৌৰোহিত্যত ছাউথ ব্লকত এইখনেই হ'ব কেবিনেটৰ অন্তিম বৈঠক। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে ই এখন প্রতীকী বৈঠক হ'ব আৰু যোৱা ৮০ বছৰে কাম কৰি থকা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় নতুন ঠিকনালৈ স্থানান্তৰ হোৱাৰ আগে আগে অনুষ্ঠিত হ'ব এই বৈঠক। এই বৈঠকৰ আয়োজন কৰা হৈছে দেশৰ ক্ষমতাৰ কেন্দ্ৰ হৈ থকা ছাউথ ব্লকৰ সন্মানজনক বিদায়ৰ বাবে। ছাউথ ব্লকত প্রথমখন কেন্দ্ৰীয় কেবিনেটৰ বৈঠক অনুষ্ঠিত হৈছিল দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পৌৰোহিত্যত ১৯৪৭ চনৰ ১৫ আগষ্টত। ভাৰতৰ ৰাজনীতিত হোৱা পৰিৱৰ্তনকে ধৰি বিভিন্ন ঘটনাৰ সাক্ষী হৈ থকা ছাউথ ব্লকত কাইলৈ হ'বলগীয়া এই কেবিনেট বৈঠকখন যথেষ্ট আৱেগিক হৈ পৰিব বুলি কোৱা হৈছে। ব্ৰিটিছৰ দিনৰ এই চেক্রেটেৰিয়েট বিল্ডিং যোৱা শতিকাৰ আৰম্ভণিতে ব্ৰিটিছ স্থপতিবিদ হার্বার্ট বেকাৰে ব্ৰিটিছ শাসনৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি নির্মাণ কৰোৱাইছিল। 

ইফালে যোৱা বছৰ ২ ডিচেম্বৰত এগজিকিউটিভ এনক্লেভৰ নামটো সলাই সেৱা তীর্থ কৰা হয়। প্রায় ২.২৬ লাখ বর্গ ফুট ভূমিত থকা সেৱা তীর্থ প্রকল্প নিৰ্মাণ কৰে প্ৰায় ১১৮৯ কোটি টকা ব্যয়ৰে এল এণ্ড টি কোম্পানীয়ে। ইয়াত তিনিটা ভৱন ক্রমে সেৱা তীৰ্থ-১, সেৱা তীৰ্থ-২ আৰু সেৱা তীৰ্থ-৩ আছে। উল্লেখযোগ্য যে সেৱা তীর্থ-২লৈ কেবিনেট সচিবালয় যোৱা বছৰ স্থানান্তৰ কৰা হৈছিল। ইফালে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ কাষতে তেওঁৰ বাসভৱনো নিৰ্মাণ কৰি থকা হৈছে।

Share This