এইবাৰ ভাৰতৰ 'পাকিস্তান বর্জন', বিদেশত কোটি টকা উপাৰ্জনৰ পথ হ'ব বন্ধ

dainik janambhumi February 21, 2026

ডিজিটেল ডেস্ক : আই পি এলৰ দুৱাৰ বহু আগেয়ে বন্ধ হৈ পৰিছে। এইবাৰ অন্যান্য ফেঞ্চাইজী লীগৰ পৰাও পাকিস্তানৰ ক্রিকেটাৰক বৰ্জন কৰা হ'ব পাৰে। সূত্ৰৰ খবৰ অনুসৰি, ইংলেণ্ডৰ টি-২০ লীগ দ্য হান্ড্রেডত ভাৰতৰ মালিকানাধীন দলসমূহে পাকিস্তানী ক্রিকেটাৰ ক্ৰয় নকৰে। বিশ্ব কাপৰ পাছতেই হ'ব হান্ড্রেডৰ নিলাম। কোৱা হৈছে যে বিগত ছিজনৰ তুলনাত এই বাৰৰ নিলামত দলসমূহে ধনৰাশি বৃদ্ধি কৰিব বুলি চর্চিত হৈছে। কিন্তু পাকিস্তানী ক্রিকেটাৰৰ বাবে সেই ধনৰাশি ব্যৱহাৰ কৰিবলৈ অনিচ্ছুক দলসমূহ। ২১ জুলাইৰ পৰা আৰম্ভহ'ব দ্য হান্ড্রেড লীগ। ইংলেণ্ডৰ টি-২০ লীগত আই পি এলৰ কেই বাটাও ফ্রেঞ্চাইজী আছে।

মাঞ্চেষ্টাৰ অৰিজিনেল্ৰ মালিকীস্বত্বত সঞ্জীৱ গোৱেংকাৰ আৰ পি এছ জি গ্ৰুপৰ অংশীদাৰিত্ব আছে। ইয়াৰ উপৰি মুম্বাই ইণ্ডিয়ানছৰ অ'ভেল ইনভিনচিব, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ নৰ্দাৰ্ন ছুপাৰচাৰ্জাৰ্ছ আৰু দিল্লী কেপিটেলছৰ ছাউডার্ন ব্রেভদলৰ শ্বেয়াৰ আছে। অর্থাৎ ৮টা দলৰ ভিতৰত ৪টা দল ভাৰতীয় মালিকানাধীন। নাম প্রকাশত অনিচ্ছুক পি চি বিৰ এক কর্মকর্তাই জানিবলৈ দিছে যে আই পি এলৰে জড়িত ফ্রেঞ্চাইজীসমূহে পাকিস্তানী ক্রিকেটাৰক লৈ আগ্রহী নহয়।

কেৱল হান্ড্রেডেই নহয়, বিশ্বৰ সমস্ত টি-২০ লীগৰ আই পি এলৰ মালিকানাধীন দলসমূহৰ মাজত প্রচলিত আছে এই অলিখিত নিয়ম। পাকিস্তানৰ কোনো ক্রিকেটাৰক এই দলবোৰে ক্ৰয় নকৰে। ইংলেণ্ডৰ হান্ড্রেড ফ্রেঞ্চাইজীত একাধিক ক্রিকেটাৰে খেলি আহিছে। এই তালিকাত আছে ইমাদ ৱাছিম, মহম্মদ আমীৰ, শ্বাহিন আফ্রিদী, ছাবাদ খান আৰু হেৰিছ ৰৌফ।

Share This