'পাকিস্তানলৈ বোৱা সিন্ধুৰ জলধাৰাৰ গতি পৰিৱৰ্তন কৰিব ৰাজস্থানলৈ'

dainik janambhumi June 22, 2025

ডিজিটেল ডেস্ক : পাকিস্তানৰে সিন্ধু জল চুক্তি স্থগিতকৰণ বাহাল থাকিব। কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে শনিবাৰে কয় যে সিন্ধু জল চুক্তি স্থগিতকৰণৰ সিদ্ধান্ত বাহাল থাকিব। 

শ্বাহে কয় যে চুক্তিখনৰ স্থগিতকৰণ উঠাই লোৱাৰ পৰিৱৰ্তে ভাৰতে সিন্ধু নদীৰ পানী ইয়াৰ অভ্যন্তৰীণ দিশত ব্যৱহাৰৰ বাবে নদীৰ জলধাৰাৰ গতি পৰিৱৰ্তন কৰিব। কেন্দ্রীয় গৃহ মন্ত্রী শ্বাহে সংবাদ মাধ্যম টাইমছ অব্ ইণ্ডিয়াৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত কয় যে সিন্ধু জল চুক্তি পুনৰ ঘূৰাই অনা নহয়। ইয়াৰ পৰিৱৰ্তে পাকিস্তানলৈ আগতে যোৱা সিন্ধু নদীৰ জলধাৰা এটা খাল নিৰ্মাণ কৰি ৰাজস্থানলৈ বোৱাই অনা হ'ব। 

পাকিস্তানে ইয়াৰ বাবে প্ৰতিটোপাল পানীৰ বাবে সংঘর্ষ কৰিব লগা হ'ব বুলি শ্বাহে মন্তব্য কৰে। উল্লেখযোগ্য যে ১৯৬০ চনত স্বাক্ষৰ কৰা সিন্ধু জল চুক্তিখন কাশ্মীৰৰ পহলগাম-কাণ্ডৰ পাছতে ভাৰতে স্থগিত ৰাখিছিল।

Share This