ডিজিটেল ডেস্ক : আমেৰিকা আৰু ইজৰাইলৰ বিমান আক্রমণত গুৰুতৰভাৱে আহত ইৰানৰ নৱনিৰ্বাচিত সর্বোচ্চ নেতা মোজতাবা খামেনেই সম্প্রতি ৰাছিয়াত চিকিৎসাধীন হৈ আছে।
ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে টেলিফ'নিক বাৰ্তালাপ কৰাৰ সময়তে পুটিনে খামেনেইৰ চিকিৎসা ৰাছিয়াত কৰাৰ প্ৰস্তাৱ দিয়ে। পুটিনৰ প্ৰস্তাৱৰ পাছতে বৃহস্পতিবাৰে ইৰানী সেনাৰ বিমানযোগে মোজতাবা খামেনেইক ৰাছিয়াৰ হস্পিটেলত ভর্তি কৰোৱা হয়।
কুৱেইটৰ সংবাদ পত্র 'আল-জাৰিজা'ই এই তথ্য প্রকাশ কৰিছে। অৱশ্যে, ৰাছিয়াই এই তথ্য স্বীকাৰো কৰা নাই আৰু নস্যাতো কৰা নাই। ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ প্ৰেছ সচিব ডিমিত্রি পেছকোভে এনেধৰণৰ বিষয়ত মন্তব্য কৰিবলৈ অস্বীকাৰ কৰে।