নগাপাহাৰত কয়লা, শিলৰ অবৈধ খনন মুখ্য কাৰণ, চৰাইদেউ, শিৱসাগৰ, যোৰহাট জিলাত হোৱা বানৰ প্ৰকৃত কাৰণ ফাদিল অখিল গগৈৰ

dainik janambhumi July 26, 2026

ডিজিটেল ডেস্ক : গুৱাহাটীৰ পৰা সাহায্য সামগ্রী লৈ শিৱসাগৰ সমষ্টিত উপস্থিত হৈয়ে সমষ্টিৰ বানাক্ৰান্ত ৰাইজৰ মাজত পুনৰ সোমাই পৰিল শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। ইয়াৰ মাজতে বিধায়কগৰাকীয়ে বানত ক্ষতিগ্রস্ত হোৱা শিৱসাগৰ সমষ্টিৰ সাংবাদিকসকলক এককালীন সাহায্যৰূপে দহ হাজাৰ টকাকৈ আগবঢ়ায়। কালি এই সহায়ৰ আৰম্ভণি কৰি বিধায়কগৰাকীয়ে নিজৰ ঘৰ-ভেটি বুৰ যোৱাৰ পাছতো দৈনিক বানাক্রান্ত অঞ্চললৈ গৈ দায়িত্ব পালন কৰি থকাক লৈ শলাগ লোৱাৰ উপৰি এই সহায় এজন বিধায়ক ৰূপে নহয়, এজন সহমর্মীৰূপে প্রদান কৰাৰ কথা উল্লেখ কৰে। আনহাতে, কালি বিধায়ক গগৈয়ে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত হোৱা ভয়ংকৰ বানৰ প্ৰকৃত কাৰণ ফাদিল কৰি বিজেপি দলৰ একাংশ মন্ত্রী-বিধায়কক তুলাধুনা দিয়ে।বিধায়কগৰাকীয়ে কালি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে যোৱ শনিবাৰে নগাপাহাৰত কোনো ডাৱৰ বিস্ফোৰণ সংঘটিত হোৱা নাই বুলি স্পষ্ট কৰি দিয়াৰ পাছত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰো কথাৰ সুৰ সলনি হোৱা বুলি কটাক্ষ কৰে। তেওঁ কয় যে এই তিনিখন জিলাত হোৱা প্রলয়ংকৰী বানৰ কাৰণ ডাৱৰ বিস্ফোৰণ নহয়, বৰঞ্চ ইয়াৰ কাৰণ হৈছে নগালেণ্ডৰ প্ৰকৃতিৰ ওপৰত হোৱা নিৰ্বিচাৰ লুণ্ঠন। এই লুণ্ঠনৰ কথা বিধানসভাত ফাদিল কৰি দিয়াৰ ভয়তে তেওঁক সদনৰ পৰা বহিষ্কাৰ কৰা হৈছিল বুলি গগৈয়ে উল্লেখ কৰি কয় যে এই প্রাকৃতিক লুণ্ঠনৰ চৰ্দাৰ অসম চৰকাৰৰ তিনি মন্ত্ৰী ক্ৰমে সুশান্ত বৰগোহাঁই, পীযূষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা আৰু স্বয়ং মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। লগতে বিধায়ক বলীন চেতিয়া তথা নাম উল্লেখ নকৰিলেও নাজিৰা আৰু সোণাৰি সমষ্টিৰ বিধায়কক তেওঁ ইংগিত প্রদান কৰে। চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ সকলো নদীত ব্যাপক হাৰত পানী অহাৰ তেওঁ কেইবাটাও কাৰণ উল্লেখ কৰে। যোৱা শনিবাৰে হোৱা ১২ ঘণ্টীয়া বৰষুণ এই বানৰ এক পৰোক্ষ কাৰণ। কিন্তু মূল কাৰণ হৈছে নগাপাহাৰত হোৱা কয়লাৰ মুক্ত খনন। যাৰ ফলত পাহাৰবোৰত এক সাগৰসদৃশ গাঁতৰ সৃষ্টি হৈছে আৰু এইবোৰ গাঁতত বছৰ বছৰ ধৰি লাখ লাখ গেলন পানী জমা হৈ আছিল। 

নগাপাহাৰত যোৱা শনিবাৰে হোৱা ব্যাপক খননৰ ফলত এই সাগৰসদৃশ গাঁতসমূহৰ ভূ স্খলন হয় আৰু জমা পানীসমূহ ভৈয়ামলৈ নামি আহে। সেইদৰে নগাপাহাৰৰ পৰা উৎপত্তি হোৱা নদীসমূহৰ মোহনাত বছৰ বছৰ ধৰি অবৈধ হাৰত শিল খনন অব্যাহত আছে। ইয়াৰ ফলত নদীৰ মোহনা ডেম্পৰ আকাৰত বন্ধ কৰি লোৱা হয়। কিন্তু যোৱা শনিবাৰে হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত এই মোহনাৰ বান্ধ ভাগি পৰাত অভাৱনীয় হাৰত পানী তললৈ নামি আহে। এই অবৈধ কয়লা আৰু শিল খননত ওপৰত উল্লেখ কৰা মন্ত্রী বিধায়কসকলক তেওঁ মেইন চৰ্দাৰ ৰূপে অভিহিত কৰে। 

আনহে নালাগে মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে শিৱসাগৰ জিলাৰ তদানীন্তন আয়ুক্ত আদিত্য বিক্ৰম ঝাৰ সমুখত এই অবৈধ খননসমূহৰ বাবত মোটা ধন লাভ কৰা বুলি সদৰী কৰাৰ কথাও গগৈয়ে উল্লেখ কৰে। আনহাতে, নগাপাহাৰত দিখৌ নদীৰ উৎপত্তি স্থলত ১৮৬ মেগাৱাটৰ দিক্ষু জলবিদ্যুৎ প্ৰকল্পৰ কাম গোপনে চলি থকা বুলি বিধায়ক গগৈয়ে উল্লেখ কৰি কয় যে এই নির্মীয়মাণ বান্ধত জমা হৈ থকা বৃহৎ পৰিমাণৰ পানীৰ ভৰ সহিব নোৱাৰি এই পানী নিৰ্মাণ কৰ্তৃপক্ষই এৰি দিবলৈ বাধ্য হয়। যাৰ বাবে উজনিৰ তিনিখন জিলাত কেতিয়াও নোহোৱা এক পৰিস্থিতিৰ সৃষ্টি হয়। এই সকলোবোৰৰ আঁৰত দুর্নীতিগ্রস্ত মন্ত্রী-বিধায়কসকল জড়িত আৰু এইসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্রহণ কৰাৰ পোষকতা কৰে অখিল গগৈয়ে।

Share This