উজনি অসমৰ বানপানীক লৈ সৰৱ 'মাছ', বন্যাৰ্তৰ পুনৰ সংস্থাপনৰ বাবে ৫০ হাজাৰ কোটি সাহায্য দিবলৈ আহ্বান

dainik janambhumi July 26, 2026

ডিজিটেল ডেস্ক: ৰাজ্যত ভয়াৱহ বান পৰিস্থিতিয়ে জনজীৱন দুর্বিষহ কৰি তোলাৰ সময়তে শাসক আৰু বিৰোধী ৰাজনৈতিক দলসমূহৰ সুবিধাবাদী ভূমিকাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে 'মানৱ অধিকাৰ সংগ্ৰাম সমিতি'। 

নিৰ্বাচনৰ সময়ত ভোট সংগ্ৰহৰ বাবে অসমলৈ সঘনাই ঢাপলি মেলা দিল্লীৰ কালি এই চৰম দুৰ্যোগৰ সময়ত বানপীড়িত ৰাইজৰ কাষত অনুপস্থিত থকা কার্যক সংগঠনটোৱে তীব্র ভাষাৰে সমালোচনা কৰিছে। এটা যুটীয়া বিবৃতিত 'মাছ'ৰ মুখ্য উপদেষ্টা আদিত্য লহকৰ, অধ্যক্ষ বুবুমনি গোস্বামী আৰু সচিব ৰাজু সিংহই ক্ষোভ প্রকাশ কৰে। সংগঠনটোৰ শীর্ষ নেতৃত্বই কয় যে নির্বাচনী বতাহ চাবলৈ আৰু দলীয় প্ৰচাৰ চলাবলৈ অসমত শাৰী পতা দিল্লীৰ শাসক-বিৰোধী নেতাসকলে এতিয়া বানত সৰ্বস্ব হেৰুৱাই ৰাইজে হাহাকাৰ কৰাৰ সময়ত চৰম উদাসীনতা প্রদর্শন কৰিছে আৰু বৰ্তমানলৈকে উভয় পক্ষৰ এজনো নেতা অসমত আহি উপস্থিত নহৈ চৰম সুবিধাবাদীৰ পৰিচয় দিছে। বান আৰু খহনীয়াৰ বিভীষিকাৰে ৰাজ্যবাসীয়ে চৰম দুৰ্দশাত দিন কটাবলগীয়া হোৱা অৱস্থাত ৰাজনৈতিক দলসমূহৰ এনে সুবিধাবাদী ভূমিকাই জনসাধাৰণক চৰম নিৰাশ আৰু প্ৰতাৰিত কৰিছে বুলি 'মাছ'ৰ মুখ্য উপদেষ্টা আদিত্য লহকৰ, অধ্যক্ষ বুবুমনি গোস্বামী আৰু সচিব ৰাজু সিংহই তীব্ৰ প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰে। উজনি অসমৰ বিস্তীর্ণ অঞ্চলত বানে চলোৱা ধ্বংসলীলা, ক্ষয়-ক্ষতি আৰু মানুহৰ অবর্ণনীয় দুৰ্দশাৰ স্থায়ী সমাধান তথা পুনৰুদ্ধাৰৰ কাৰণে মাছে কেন্দ্ৰীয় চৰকাৰলৈ এক সুকীয়া বিত্তীয় পেকেজৰ দাবী কৰে। 

উজনি অসমৰ নদীসমূহৰ স্থায়ী জলব্যৱস্থাপনা, বৈজ্ঞানিক পদ্ধতিৰে খহনীয়া ৰোধ আৰু ক্ষতিগ্রস্ত অঞ্চলসমূহৰ পুনর্নিৰ্মাণৰ বাবে কেন্দ্রীয় সাহায্য পুঁজিৰ পৰা জৰুৰীভাৱে ৫০ হাজাৰ কোটি টকা শীঘ্রে আবণ্টন দিবলৈ দাবী জনায়। সকলো বানপীড়িত এলেকাত পর্যাপ্ত খাদ্য সামগ্রী, বিশুদ্ধ খোৱাপানী আৰু চিকিৎসা সেৱা সুনিশ্চিত কৰা, বানত সর্বস্ব হেৰুওৱা খেতিয়ক, শ্রমিক আৰু গৃহহীনসকলক সঠিকভাৱে চিনাক্ত কৰি আর্থিক সাহায্য তথা গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰাৰ আহ্বান জনায়।

Share This