ড'পিং ৪ ভাৰতীয় খেলুৱৈ নিলম্বিত 

dainik janambhumi July 26, 2026

ডিজিটেল ডেস্ক : গ্লাছগো কমনৱেলথ গেমছত ভাৰতৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ড'পিং বিতর্কই। ড'পিং বিতৰ্কৰ বাবে তুলিকাই এতিয়া কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিব নোৱাৰিব। তেওঁৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় ড'পিং প্ৰতিৰোধী এজেঞ্চিয়ে (নাডা) সাময়িকভাৱে নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ ফলত তেওঁ গ্লাছগোত কমনৱেলথ গেমছলৈ ৰাওনা হোৱাৰ পূৰ্বেই ভাৰতীয় দলৰ পৰা বাহিৰ হয়। তুলিকাই ১২ মাহৰ ভিতৰত তিনিবাৰ তেওঁ ক'ত আছে সেই বিষয়ে নাডাক জনোৱাত ব্যর্থ হৈছিল আৰু তিনিবাৰ ডোপ পৰীক্ষাৰ বাবে নমুনা দিয়াত ব্যর্থ হৈছিল, সেয়েহে তেওঁৰ বিৰুদ্ধে সাময়িকভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তুলিকাৰ বিৰুদ্ধে আৰোপ কৰা নিষেধাজ্ঞাৰ ফলত ভাৰতৰ কমনৱেলথ গেমছত এটা পদক জয়ৰ আশাত চেঁচা পানী পৰে। 

উল্লেখযোগ্য যে ২০২২ চনৰ বার্মিংহাম কমনৱেলথ গেমছত তুলিকাই মহিলাৰ ৭৮ কেজিৰ ঊর্ধ্বৰ শাখাত ৰূপৰ পদক জয় কৰিছিল। তেওঁ এইবাৰো পদক জয় কৰিব পাৰিব বুলি আশা কৰা হৈছিল। বিশ্ব ড'পিং প্ৰতিৰোধী এজেঞ্চিৰ (ৱাডা) নিয়ম অনুসৰি তুলিকাৰ বিৰুদ্ধে দুবছৰৰ নিষেধাজ্ঞা আৰোপ কৰা হ'ব পাৰে। উল্লেখযোগ্য যে কমনৱেলথ গেমছত ভাৰতৰ হৈ খেলাৰ বাবে বাছনি কৰা চাৰিগৰাকী খেলুৱৈ ড'পিং বিতৰ্কৰ বাবে প্রতিযোগিতাখনত খেলিব নোৱাৰিব। 

প্রতিযোগিতাখন আৰম্ভ হোৱাৰ মাত্র কেইদিনমানৰ আগতে যোৱা ২৩ জুলাইত পিষ্টল শুটাৰ গৌৰৱ কুমাৰ মছুৰী ড'পিং পৰীক্ষাত ব্যৰ্থ হৈছে। তেওঁৰ নমুনাত নিষিদ্ধ পদাৰ্থ সেৱন কৰাৰ প্ৰমাণ পোৱা গৈছিল। ফলত তেওঁৰ বিৰুদ্ধে ভাৰতীয় ৰাষ্ট্ৰীয় ৰাইফল সন্থাই নিষেধাজ্ঞা আৰোপ কৰাৰ আগতেই তেওঁক কমনৱেলথ গেমছৰ ভাৰতীয় দলৰ পৰা বাহিৰ কৰা হয়। ইফালে ক্রীড়া সমাৰোহখনৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ হোৱাৰ কেইঘণ্টামানৰ আগতে ভাৰতীয় পুৰুষ জুডো দলৰ খেলুৱৈ অৰুণ কুমাৰক ডোপ পৰীক্ষাত পজিটিভ পোৱাৰ পাছত তেওঁৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰা হয়। প্রতিযোগিতাত অংশগ্ৰহণ নকৰা সময়ত সংগ্ৰহ কৰা নমুনাত তেওঁ শক্তিবর্ধক নিষিদ্ধ দ্রব্য সেৱন কৰা কথা ধৰা পৰিছিল। ইফালে ড'পিং বিতৰ্কৰ বাবে ভাৰতৰ ভাৰোত্তোলক দিলবাগ সিঙক প্রতিযোগিতাৰ পৰা ঘুৰাই পঠিওৱা হয়। দিলবাগ সিং ড'পিং টেষ্টত ব্যর্থ হোৱা নাছিল। প্রতিযোগিতাৰ নিয়মৰ বাবে তেওঁক বাহিৰ কৰা হয়। 

উল্লেখযোগ্য যে কমনৱেলথ গেমছ আৰম্ভ হোৱাৰ আগতে ভাৰতৰ ৫গৰাকী ভাৰোত্তোলক ডোপ টেষ্টত ব্যর্থ হয়। ইয়াৰ ফলত প্রতিযোগিতাত ভাগ লোৱা ভাৰতীয় ভাৰোত্তোলকৰ সংখ্যা নিয়ম অনুসৰি ১৬জনৰ পৰা ১১লৈ হ্রাস পায়। ভাৰতীয় ভাৰোত্তোলন ফেডাৰেশ্যনে ক্রীড়া সমাৰোহলৈ ১২জন ভাৰোত্তোলকক প্ৰেৰণ কৰিছিল। সেয়েহে দিলবাগ উভতি আহিবলগীয়া হয়।

Share This