আমেৰিকাৰ সৈতে ইৰানৰ পাৰমাণৱিক আলোচনাৰ সম্ভাৱনা

dainik janambhumi September 09, 2025

ডিজিটেল ডেস্কঃ ইৰানৰ বিদেশ মন্ত্রী ছৈয়দ আব্বাছ আৰাছিয়ে প্রকাশ কৰিছে যে ইৰান আৰু আন্তঃৰাষ্ট্ৰীয় আণবিক শক্তি সংস্থা (আই এ ই এ) সমন্বয়ৰে এটা নতুন সহযোগিতাৰ আন্তঃগাঁথনিৰ দিশে অগ্ৰসৰ হৈছে। তেহৰানৰ এখন সন্মিলনত তেওঁ এই কথা প্রকাশ কৰে।

ইৰানৰ চৰকাৰী সংবাদ সংস্থা আই আৰ এন এই প্রকাশ কৰা অনুসৰি ভিয়েনাত যোৱা শুকুৰবাৰে আৰম্ভ হোৱা ইৰান আৰু আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি সংস্থাৰ পৰ্যবেক্ষণমূলক বৈঠকৰ অন্তত এই কথা সদৰী কৰা হয়। ইৰানৰ মন্ত্ৰীগৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে পাৰমাণৱিক আলোচনাৰ সম্ভাৱনা ব্যক্ত কৰে। এই সন্দৰ্ভত মধ্যস্থতাকাৰীৰ জৰিয়তে আলোচনা অব্যাহত আছে বুলিও তেওঁ সদৰী কৰে।

Share This