জৈছ-এ-মহম্মদৰ ভাৰত-বিৰোধী 'অপাৰেশ্যন ৩১৩' আৰম্ভ

dainik janambhumi September 19, 2025

ডিজিটেল ডেস্কঃ অপাৰেশ্যন সেন্দূৰত বিধ্বস্ত হোৱাৰ পাছত পাকিস্তানস্থিত সন্ত্রাসবাদী সংগঠন জৈছ-এ-মহম্মদে পুনৰ সংস্থাপিত হোৱাৰ বাবে 'অপাৰেশ্যন ৩১৩' আৰম্ভ কৰিছে। এই অভিযানৰ বাবে ৪ হাজাৰ মিলিয়ন পাকিস্তানী টাকা সংগ্ৰহ কৰাৰ লক্ষ্য লৈছে নিষিদ্ধ সংগঠনটোৱে।

এই ধনেৰে সন্ত্রাসবাদী সংগঠনটোৱে ৩১৩খন মাদ্ৰাছা আৰু ১৫০টা শিবিৰ নিৰ্মাণ কৰাৰ কাম আৰম্ভ কৰিছে। এই নিৰ্মাণকাৰ্যৰ বাবে পুঁজি পাকিস্তান চৰকাৰৰ লগতে বিদেশী দেশসমূহেও নিষিদ্ধ সংগঠনটোক যোগান ধৰি আছে। পাকিস্তানৰ চৰকাৰৰ লগতে ছৌডি আৰব, মালয়েছিয়া, ইউ এ ই, বাংলাদেশৰ পৰাও

সন্ত্রাসবাদী সংগঠনটোক পুঁজি যোগান ধৰা হৈছে। পাকিস্তান অধিকৃত কাশ্মীৰত ৩০খন হাইটেক মাদ্ৰাছা আৰু শিবিৰ স্থাপনৰ কাম কৰি আছে জৈছৰ সদস্যবোৰে আনহাতে, মুৰিডকেত বিধ্বস্ত হোৱা ইয়াৰ মুখ্য কাৰ্যালয়ো পুনৰ নিৰ্মাণৰ কাম চলাই আছে সন্ত্রাসবাদী গোটটোৱে। মুঠৰ ওপৰত, পুনৰ ভাৰত-বিৰোধী হিংসাত্মক কাৰ্যকলাপৰ বাবে সাংগঠনিক দিশ টনকিয়াল কৰাৰ বাবে ব্ৰতী হৈছে মাছুদ আজহাৰ নেতৃত্বাধীন জৈছ-এ-মহম্মদ।

Share This