কে কবিতাক বি আৰ এছৰ পৰা বহিষ্কাৰ

dainik janambhumi September 03, 2025

ডিজিটেল ডেস্ক : ভাৰত ৰাষ্ট্ৰ সমিতিৰ (বি আৰ এছ) নেত্রী আৰু তেলেংগানাৰ বিধান পৰিষদৰ সদস্য কে কবিতাক মঙলবাৰে দলৰ পৰা বহিষ্কাৰ কৰা হয়। কবিতাৰ পিতৃ আৰু ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্রী কে চন্দ্ৰশেখৰ ৰাও হৈছে দলটোৰ মুৰব্বী। কিছুদিন পূৰ্বে তেওঁ জ্যেষ্ঠ বি আৰ এছ নেতা আৰু সম্পৰ্কীয় ভাতৃ টি হৰিও ৰাওক সমালোচনা কৰিছিল। বি আৰ এছ নেতাদ্বয় টি ৰবিন্দৰ ৰাও আৰু সোমা ভাৰত কুমাৰে কয় যে

কবিতাৰ শেহতীয়া মন্তব্যসমূহ 'দল-বিৰোধী' বুলি গণ্য কৰি এই সিদ্ধান্ত গ্রহণ কৰা হয়। কবিতাৰ বহিষ্কাৰৰ বাতৰিৰ পাছতেই তেওঁৰ সমর্থকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। তেলেংগানা জাগৰুথিৰ যুৱ উপ-সভাপতি ৰবি ৰাথোড়ে কয় যে কবিতাক অন্যায়ভাৱে বহিষ্কাৰ কৰা হৈছে। সোমবাৰে কবিতাই প্রাক্তন মন্ত্রী হৰিশ ৰাও আৰু ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ জে সন্তোষ কুমাৰক চন্দ্রশেখৰ ৰাওৰ ভাবমূর্তি বিনষ্ট কৰাৰ অভিযোগ তুলি সমালোচনা কৰিছিল।

Share This