নলবাৰীত আনন্দৰ লহৰ

dainik janambhumi May 04, 2025

ডিজিটেল ডেস্কঃ প্রাচীন তীর্থস্থান কেদাৰনাথ মন্দিৰৰ সজ্জাত ফুলৰ উপৰি ব্যৱহৃত হ'ল অসম বিখ্যাত জাপি। ইয়াকে লৈ এতিয়া আনন্দিত নলবাৰী জিলাৰ দক্ষিণ অঞ্চলস্থিত জাপি শিল্পীসকল। উল্লেখযোগ্য যে শুকুৰবাৰৰ পৰা ভক্তৰ বাবে এই বছৰলৈ দ্বাৰ মুকলি কৰা হৈছে উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাত অৱস্থিত কেদাৰনাথ মন্দিৰৰ।

কেদাৰনাথ মন্দিৰৰ দ্বাৰ মুকলি অনুষ্ঠানত দেশ-বিদেশৰ লাখ লাখ ভক্তৰ সমাগম ঘটে। উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগৰ বাসিন্দা শিৱানন্দ ভট্টাচাৰ্যৰ মাৰফতত জানিব পৰা মতে সাধাৰণতে প্ৰতিবছৰে এপ্রিল-মে' মাহৰ ভিতৰত কেদাৰনাথ মন্দিৰৰ দ্বাৰ মুকলি কৰা হয়। এই পর্ব সাধাৰণতে অক্ষয় তৃতীয়াৰ আগে-পিছে পৰম্পৰাগতভাৱে অনুষ্ঠিত হয়। কেদাৰনাথ মন্দিৰৰ দ্বাৰ মুকলি অনুষ্ঠানৰ তাৰিখ প্ৰতি বছৰে বদৰি-কেদাৰ মন্দিৰ সমিতিৰ দ্বাৰা নির্ধাৰণ কৰা হয়। প্রাপ্ত তথ্য অনুসৰি বদৰি-কেদাৰ মন্দিৰ সমিতিৰ সিদ্ধান্ত অনুসৰি এইবছৰ ভক্তৰ বাবে কেদাৰনাথ মন্দিৰৰ দ্বাৰ মুকলি শুকুৰবাৰে কৰা হয়।

এই মর্মে আটোমটোকাৰিকৈ সজাই-পৰাই তোলা হয় কেদাৰনাথ মন্দিৰ। সমগ্র কেদাৰনাথৰ সন্মুখভাগ ফুলেৰে সজাই তোলা হয়। লক্ষণীয়ভাৱে ফুলৰ উপৰি দ্বাৰ মুকলি অনুষ্ঠান উপলক্ষে এইবেলি কেদাৰনাথ মন্দিৰৰ সজ্জাত অসম বিখ্যাত জাপিও ব্যৱহাৰ কৰা হয়। উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাত অৱস্থিত ভাৰতৰ প্ৰাচীনতম তীর্থস্থান সমূহৰ অন্যতম এখন হিচাপে পৰিচিত শিৱৰ আৰাধনাস্থলী কেদাৰনাথ মন্দিৰৰ দ্বাৰ মুকলি অনুষ্ঠান উপলক্ষে তীর্থস্থানখনৰ সজ্জাত অসম বিখ্যাত জাপি ব্যৱহাৰ হোৱাক কেন্দ্ৰ কৰি জাপি শিল্পৰ বাবে বিখ্যাত নলবাৰীত আনন্দৰ লহৰ পৰিলক্ষিত হৈছে। এই কাৰ্যই নলবাৰীৰ জাপি শিল্পীসকলক স্বাভাৱিকতে আনন্দিত কৰিছে। উল্লেখযোগ্য যে মৃৎশিল্প আৰু কামৰূপীয়া ঢুলীয়াৰ দৰে লোককৃষ্টিৰ বাবে পৰিচিত নলবাৰী জিলা জাপি শিল্পৰ বাবেও প্রখ্যাত। জিলাখনৰ তিলানা, দোমাহীতোলা, সূতাৰকুছি, বালামুগকুছি, শিলাগুটি, বালিলেছা, মুদৈতোলা, দীঘেলী, তেৰেছিয়া, ভদ্রা আদি গাঁৱৰ যথেষ্ট সংখ্যক লোক এই শিল্পৰ সৈতে জড়িত। তিলানা গাঁও জাপি শিল্পৰ বাবেই বিখ্যাত। গাঁওখনৰ কমেও ৭০-৮০ শতাংশ লোকে প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি জাপি শিল্পৰ সৈতে জড়িত হৈ অহাৰ পৰিপ্ৰেক্ষিতত অনেকে তিলানাক জাপি শিল্পৰ গাঁও বুলিও ক'ব খোজে। আনহাতে, নলবাৰীৰ জাপিৰ সুকীয়া কদৰ আছে জিলাখনকে ধৰি ৰাজ্যৰ উপৰি দেশজুৰি। আনকি দেশৰ বাহিৰৰ ভিন্ন প্ৰান্তৰতো সময়ে সময়ে জাপিয়ে বিভিন্নজনৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম নোহোৱা নহয়। তেনে সময়তে দ্বাৰ মুকলি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কেদাৰনাথ মন্দিৰৰ সজ্জাত অসম বিখ্যাত জাপিও ব্যৱহাৰ হোৱাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে তিলানাকে ধৰি নলবাৰীৰ জাপি শিল্পীসকল। এই কাৰ্যই নলবাৰীৰ জাপি শিল্পীক অধিক উৎসাহ যোগোৱাৰ থল আছে বুলি বিভিন্নজনে মত পোষণ কৰে।

Share This