বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য

dainik janambhumi July 16, 2026

ডিজিটেল ডেস্ক : জন্ম হোৱাৰ পাছতেই শিশুৰ যতন লোৱাটো অতি প্রয়োজনীয়। জনস্বাস্থ্যৰ প্ৰতি বিভিন্ন দিশৰ পৰা ভাবুকি অহাৰ সময়ত শিশুৰ স্বাস্থ্যৰ ক্ষেত্ৰত অনীহা প্রকাশ কৰা বিষয়টো অতি উদ্বেগজনক। ইয়াৰ মাজতে শিশুৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি থকা এখন প্রতিবেদন প্রকাশ পাইছে। ভাৰতৰ ৬,৭৯,০০০ শিশুসহ বিশ্বৰ প্রায় ১.৩৫ কোটি (১৩.৫ মিলিয়ন) শিশুক ২০২৫ চনত তেওঁলোকৰ জন্মৰ প্ৰথম বৰ্ষটোত এপালিও ভেকচিন (প্রতিষেধক) প্রদান কৰা নাই। বিশ্ব স্বাস্থ্য সংস্থা (ডব্লিউ এইচ অ')- ইউনিচেফে বুধবাৰে প্ৰকাশ কৰা ৰাষ্ট্ৰীয় টিকাকৰণ কাৰ্যসূচীৰ বিষয়ত বার্ষিক প্রতিবেদনত এই উদ্বেগজনক তথ্য মুকলি হৈছে। ২০২৫ চনত জন্ম হোৱা শিশুক এপালিও ভেকচিন নিদিয়া দেশৰ ভিতৰত শীৰ্ষত আছে নাইজেৰিয়া। নাইজেৰিয়াত ২২ লাখ শিশুক ভেকচিনৰ এটা পালিও প্রদান কৰা নাই।

প্রতিবেদনখনত কোৱা হৈছে যে ৯০ শতাংশ বিশ্বৰ নৱজাতকে (প্রায় ১১.৬ কোটি শিশু) ডি টি পি (ডিফথেৰিয়া', 'টিটেনাছ' আৰু 'পাৰ্টছিছ') ভেকচিনৰ এপালি লৈছে আৰু ৮৫% (১১.০ কোটি) নৱজাতকক সম্পূর্ণ তিনিওটা পালি ভেকচিন প্ৰদান কৰা হৈছে। কিন্তু গোলকীয়ভাৱে টিকাকৰণ অভিযান গড় হিচাপত ২০১৯ চনৰ তুলনাত হ্রাস পাইছে। পূৰ্বৰ বৰ্ষৰ তুলনাত ২০২৫ বৰ্ষত প্রায় ৭,৫০,০০০ শিশুক কম ভেকচিন দিয়া হৈছে। গোলকীয়ভাৱে ৭৩ লাখ নবজাতকক ডি টি পিৰ ভেকচিন দিয়া হৈছে যদিও তেওঁলোকক 'মাজু আই'ৰ (মিজ) প্রথমটো ভেকচিন দিয়া নাই। সেইবাবে ২০২৫ চনত বিভিন্ন দেশত 'মাজু আই' ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছিল। ইউনিচেফৰ কাৰ্যবাহী সঞ্চালক কেথাৰিন বাছে-এ কয় যে কভিড-১৯ মহামাৰীৰ সময়ত ভেকচিন প্রদানৰ হাৰ লক্ষণীয়ভাবে কমি যোৱাৰ পাছত সংশ্লিষ্ট দেশৰ চৰকাৰ আৰু স্বাস্থ্য কর্মীয়ে টিকাকৰণ অভিযানত সহায় কৰিছিল যদিও বর্তমান সময়ত এই ভেকচিন বিশ্বৰ শিশুৰ বাবে পর্যাপ্ত হোৱা নাই। বিভিন্ন দেশত চলি থকা সংঘর্ষ, স্থানচ্যুত আৰু দৰিদ্ৰতা পৰিস্থিতিৰ বাবে শিশুবোৰক সময়মতে ভেকচিন দিব পৰা নাই বুলি ইউনিচেফৰ মুৰব্বীজনে কয়।

বাছে-এ কয় যে সমগ্র বিশ্বৰ জনস্বাস্থ্যৰ প্রতি গুৰুতৰ ভাবুকি অহাৰ সময়ত নৱজাতকক সময়মতে টিকাকৰণ কৰাটো অতি প্রয়োজনীয়। পৰিসংখ্যা অনুসৰি, বিশ্বৰ ১৯৫খন দেশৰ ১০০খন দেশেহে ২০১৯ চনৰ পৰা নৱজাতকক ভেকচিনৰ সম্পূৰ্ণ তিনিওটা পালি দিব পাৰিছে। প্রতিবেদনখনত মধ্য আৰু উচ্চ আয়ৰ দেশসমূহৰ প্ৰতি উদ্বেগজনক বাতৰি আহিছে। সেই দেশবোৰত ভেকচিন উপলব্ধ যদিও ৰাজনৈতিক অস্থিৰতাৰ পৰিৱেশ, গাঁথনিগত প্রত্যাহ্বান আৰু বর্ধিত সংকোচ ভাবে নৱজাতকক ভেকচিন প্ৰদানৰ হাৰ হ্রাস পাইছে।

Share This