মুগাক বিশ্বলৈ নিয়াৰ লক্ষ্যৰে আৰম্ভ 'মিছন চেনেহজৰী'

dainik janambhumi June 03, 2026

ডিজিটেল ডেস্ক : অসমৰ ঐতিহ্য, সংস্কৃতি আৰু গ্রাম্য অৰ্থনীতিৰ অন্যতম আধাৰ মুগা ৰেচম উদ্যোগক নতুন গতি প্ৰদানৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে 'মিছন চেনেহজৰী'। ৪১১ কোটি টকাৰ এই বৃহৎ প্ৰকল্পৰ জৰিয়তে আগন্তুক তিনি বছৰত অসমৰ ৰেচম উদ্যোগক অধিক শক্তিশালী, আধুনিক আৰু বিশ্ব বজাৰলৈ লৈ যোৱাৰ লক্ষ্য স্থিৰ কৰা হৈছে।

কালি নতুন দিল্লীৰ সঞ্চাৰ ভৱনত আয়োজিত এক বিশেষ অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় বস্ত্ৰ দপ্তৰৰ ৰাজ্য মন্ত্ৰী পবিত্র মাৰ্ঘেৰিটা আৰু কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ উপস্থিতিত সোণালী সূতাক বিশ্ব দৰবাৰলৈ নিয়াৰ বাবে 'মিছন চেনেহজৰী' শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্রী ড° শৰ্মাই অসমৰ মুগা শিল্পৰ বাবে গ্রহণ কৰা এই প্রকল্পই ৰাজ্যৰ মুগা ৰেচম খণ্ডলৈ নতুনত্ব আনিব বুলি আশা প্রকাশ কৰে। তেওঁ কয়, 'মিছন চেনেহজৰী' আমাৰ শতিকা পুৰণি ঐতিহ্য, সংস্কৃতি, পৰম্পৰা আৰু জীৱিকাৰ ইতিহাস কঢ়িয়াই থকা মুগা বয়ন শিল্পক বিশ্বমুখী কৰি তোলাৰ বিনম্র প্রয়াস।' 

আনহাতে কেন্দ্ৰীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াক তেওঁৰ দূৰদৰ্শী চিন্তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি ড° শর্মাই লগতে কয় যে মুগা ৰেচম উদ্যোগক বিশ্ব দৰবাৰত এক নৱ পৰিচয়েৰে চিনাকি কৰি দিয়াৰ লক্ষ্যৰে কালি এই ঐতিহাসিক অভিযান আৰম্ভ কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ। এতিয়া অহা তিনিবছৰলৈ আমাৰ স্পষ্ট লক্ষ্য হ'ব - মুগা ৰেচম ৰপ্তানি ২,০০০ কিল'গ্ৰামতকৈ অধিক কৰি তোলা, মুগা সূতাৰ মূল্য প্রতি কিল'গ্ৰামত ৩০ৰ পৰা ৪৫ হাজাৰ টকালৈকে বৃদ্ধি কৰা, ৫ টা আধুনিক ৰীলিং ইউনিট আৰু এক বিশেষ মুগা সূতা কটা মিল স্থাপন, ৫,০০০ হেক্টৰ চোম আৰু সোঁৱালু গছপুলি ৰোপণ কৰা। আনহাতে এই অভিযানে অসমৰ হাজাৰ হাজাৰ কৃষক, শিপিনী আৰু শিল্পীৰ জীৱন-জীৱিকা সুৰক্ষিত কৰিব আৰু ১,১৮০টা ফাৰ্মাৰ্ছ ইন্টাৰেষ্ট গ্রুপ আৰু ৩০টা কৃষক উৎপাদক সংস্থা গঠনৰ জৰিয়তে মুগা উৎপাদক আৰু শিপিনীসকলক আর্থিকভাৱে অধিক শক্তিশালী কৰি তুলিবলৈ চেষ্টা কৰা হ'ব বুলি জনাই তেওঁ লগতে কয় যে অসমৰ যুগমীয়া মুগা শিল্পক বিশ্ববজাৰত এক বিশ্বাসযোগ্য আৰু অভিলাষী ব্রেণ্ড হিচাপে প্রতিষ্ঠা কৰিবলৈ শিপিনীসকলক ডিজিটেল ব্যৱস্থাৰ সৈতে সংযুক্ত কৰা আৰু বিশ্বৰ ক্রেতাসকলৰ বাবে মান নিশ্চিত কৰাত সহায়ক হোৱাকৈ জি আই প্রামাণীকৰণ ব্যৱস্থাত মনোনিৱেশ কৰা হ'ব। 

ড° শৰ্মাৰ মতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দ্বৈত ইঞ্জিন চৰকাৰৰ জনমুখী দৃষ্টিভংগীৰ এক উজ্জ্বল প্রতিফলন 'মিছন চেনেহজৰী', য'ত অসমৰ ঐতিহ্য, শিল্প আৰু মুগা শিল্পৰ সৈতে জড়িত সকলোৰে সোণালী সপোনক বিশ্বৰ দিশে গতি প্রদান কৰিবলৈ আমি একেলগে কাম কৰি যাম। ইফালে অনুষ্ঠানত ভাষণ প্রদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াই কয় যে বিশ্ববিখ্যাত অসমৰ 'সোণালী সূতা' মুগা ৰেচমক আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ নিয়াৰ লক্ষ্যৰে এই অভিযান গ্রহণ কৰা হৈছে। তেওঁৰ মতে, 'মুগা কেৱল এটা সামগ্ৰী নহয়, ই অসমৰ পৰিচয়, ঐতিহ্য আৰু গৌৰৱৰ প্ৰতীক। এই অভিযানৰ জৰিয়তে মুগা ৰেছমক গাঁৱৰ বজাৰৰ পৰা বিশ্ব বজাৰলৈ লৈ যোৱা হ'ব। ২০২৬ৰ পৰা ২০২৮ চনলৈ ৰূপায়ণ হ'বলগীয়া এই প্রকল্পই উৎপাদনৰ মান আৰু পৰিমাণ বৃদ্ধিৰ লগতে মুগা খণ্ডৰ সৈতে জড়িত হাজাৰ হাজাৰ পৰিয়ালৰ আয় বৃদ্ধিতো সহায় কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। 

উল্লেখযোগ্য যে মিছন চেনেহজৰী কেন্দ্রীয় আৰু ৰাজ্যিক পৰ্যায়ৰ ১১টা গুৰুত্বপূৰ্ণ সংস্থাৰ যৌথ প্রচেষ্টাত ৰূপায়িত কৰা হ'ব। ইয়াৰ সৈতে ড'নাৰ মন্ত্ৰ্যালয়, অসম চৰকাৰ, বস্ত্র মন্ত্র্যালয়, সমবায় মন্ত্ৰ্যালয় আদিকে ধৰি একাধিক প্রতিষ্ঠান জড়িত আছে। আনহাতে প্রকল্পৰ অধীনত যোৰহাট, শিৱসাগৰ, গোলাঘাট, নগাঁও আৰু লখিমপুৰ জিলাত পাঁচটা অত্যাধুনিক ৰীলিং ইউনিট স্থাপন কৰা হ'ব। ইয়াৰ উপৰি ধেমাজি জিলাত এটা আধুনিক মুগা স্পান ছিল্ক ইউনিট স্থাপন কৰা হ'ব। যাৰ ফলত বহু নিবনুৱা লোকেও কর্ম সংস্থাপন লাভ কৰিব। 

আনহাতে ইউৰোপ, আমেৰিকা, জাপান আৰু দক্ষিণ-পূব এছিয়াৰ বিলাসী বস্ত্ৰ বজাৰত অসমৰ মুগা ৰেচমৰ চাহিদা বৃদ্ধি কৰাৰ ক্ষেত্ৰত এই পদক্ষেপ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। কালিৰ অনুষ্ঠানত অসমৰ বিভিন্ন জিলাৰ শিপিনী, মুগা পালক, উদ্যোগপতি, বিনিয়োগকাৰী আৰু ৰেচম খণ্ডৰ প্রতিনিধিসকল ভার্চুৱেলভাৱে সংযুক্ত হয়। অনুষ্ঠানত মুগা ৰেচমৰ ইতিহাস, ঐতিহ্য আৰু অৰ্থনৈতিক গুৰুত্বৰ ওপৰত নিৰ্মিত এখন বিশেষ তথ্যচিত্রও প্ৰদৰ্শন কৰা হয়।

Share This