ডিজিটেল ডেস্ক : কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত ৰাজ ফাউণ্ডেশ্যনৰ উদ্যোগত গৰৈমাৰীৰ ব্ৰহ্মপুত্র ভেলী একাডেমিৰ একাদশ বার্ষিক যুৱ মহোৎসৱৰ শনিবাৰে নিশা সামৰণি পৰে। এই উপলক্ষে অনুষ্ঠিত মুকলি সভাত দৈনিক জনমভূমি কাকতৰ উপ-সম্পাদক নুৰুল ইছলামসহ ৬গৰাকী বিশিষ্ট ব্যক্তিক 'ব্রহ্মপুত্র ভেলী একাডেমি সন্মান' প্রদান কৰা হয়। উল্লেখযোগ্য যে যোৱা ১৭ নৱেম্বৰৰ পৰা পাঁচদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে গৰৈমাৰী টাউন ক্লাব খেলপথাৰত এই যুৱ মহোৎসৱ অনুষ্ঠিত হৈছিল। কাৰ্যসূচী অনুসৰি, ১৭ নৱেম্বৰৰ পুৱা ব্ৰহ্মপুত্ৰ ভেলী একাডেমিৰ পৰিচালন সঞ্চালক আতোৱাৰ ৰহমানে পতাকা উত্তোলন কৰাৰ পাছত গছপুলি ৰোপণ কৰে একাডেমিৰ মুখ্য পৃষ্ঠপোষক ছায়েদুৰ ৰহমানে। জুবিন গাৰ্গ সোঁৱৰণী সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে পৰিচালন সঞ্চালক আতোৱাৰ ৰহমানে। ১৯ নৱেম্বৰৰ পুৱা ভেশছন প্রতিযোগিতাৰ পাছত অসমীয়া আধুনিক গীত, হিন্দী গীত, বিহু গীত, পল্লী গীত, লোকগীত আৰু জ্যোতি-ৰাভা সংগীত প্রতিযোগিতা অনুষ্ঠিত হয়। দুপৰীয়া অসম ভিত্তিক জুবিন সংগীত প্রতিযোগিতা উদ্বোধন কৰে গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কাশ্যপী কাশ্যপে। বিয়লি একক বিহু নৃত্য প্রতিযোগিতা অনুষ্ঠিত হয়। ২০ নৱেম্বৰৰ পুৱা মাৰাথন দৌৰ প্ৰতিযোগিতাৰ পাছত আধুনিক নৃত্য আৰু দলীয় জিকিৰ-জাৰী প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিয়লি 'মিছ বি ভি এ-২০২৬' প্রতিযোগিতা অনুষ্ঠিত হয়।
সন্ধিয়া গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমিৰ সভাপতি নুৰুল ইছলামৰ সঞ্চালনাত মুকলি আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ডৰ অধ্যক্ষ ডাঃ কমলাকান্ত কলিতা, প্রাক্তন অসামৰিক বিষয়া পুনম গগৈ, গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ অধ্যক্ষ স্বাহিউজ জামান আহমেদ প্রমুখ্যে ভালেসংখ্যক সন্মানীয় ব্যক্তিয়ে অংশগ্ৰহণ কৰে। গৰৈমাৰী থানাৰ আৰক্ষী বিষয়া আব্দুল মোমিনে জুবিন গাৰ্গ সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰে। আনহাতে, ছ'নী টিভিৰ 'ছুপাৰ ডান্সাৰ চেপ্টাৰ ৫'ৰ ফাইনেলিষ্ট অপ্সৰা বড়োৱে নৃত্য পৰিৱেশন কৰে।
উল্লেখযোগ্য যে মুকলি সভাত ৰাজ ফাউণ্ডেশ্যনে বিভিন্ন ক্ষেত্রত বিশেষভাৱে অৰিহণা যোগোৱা বিশিষ্ট শিক্ষাবিদ আবু বাক্কাৰ ছিদ্দিক, বিশিষ্ট সমাজকর্মী ইব্রাহিম আলী, বিশিষ্ট ক্রীড়া সংগঠক ধীৰেন চন্দ্ৰ দাস, এন কে টিভি প্লাছৰ ছয়গাঁৱৰ বিশিষ্ট সাংবাদিক বিশ্বজিৎ দাস, বিশিষ্ট সাংবাদিক তথা দৈনিক জনমভূমি কাকতৰ উপ-সম্পাদক নুৰুল ইছলাম আৰু উদীয়মান শিল্পী চয়নিকা কলিতাক ২০২৬ বৰ্ষৰ 'ব্রহ্মপুত্র ভেলী একাডেমি সন্মান' বঁটাৰে সন্মানিত কৰে। লগতে মুকলি সভাত গৰৈমাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আব্দুল মোমিন আৰু জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অঞ্জনজ্যোতি শর্মাক সম্মানপত্র প্রদান কৰা হয়।