ডিজিটেল ডেস্ক : ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ আমন্ত্রণ ক্রমে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৯ এপ্ৰিলত ৰাছিয়া ভ্ৰমণ কৰিব। তেওঁ ৯ মে'ত মস্কোত আয়োজন কৰা বিজয় দিৱসত অতিথি হিচাপে উপস্থিত থাকিব।
দ্বিতীয় বিশ্ব যুদ্ধত জার্মান নাজিৰ বিৰুদ্ধে যুদ্ধত ৰাছিয়াৰ জয়লাভৰ ৮০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই বিজয় দিৱসৰ আয়োজন কৰা হৈছে। ৰাছিয়াৰ উপ-বিদেশ মন্ত্রী আন্দ্ৰে ৰুণ্ডেকোৱে জনোৱা মতে এই উৎসৱত উপস্থিত থকাৰ কাৰণে প্রধানমন্ত্রী মোদীক ইতিমধ্যে নিমন্ত্রণ জনোৱা হৈছে।
তেওঁ জনোৱা মতে ঐতিহাসিক ৰেড স্কোৱাৰত হ'বলগীয়া এই সমাৰোহত মোদীৰ উপৰি ৰাছিয়াৰ কেইবাখনো বন্ধু দেশৰ নেতাই অংশগ্রহণ কৰিব। উল্লেখযোগ্য যে ১৯৪৫ চনৰ দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত ৰাছিয়াই কৰা আক্ৰমণত ৯ মে'ৰ দিনা জার্মানীয়ে পৰাজয় স্বীকাৰ কৰিছিল।