ডিজিটেল ডেস্ক: উত্তৰ-পূবৰ দুৱাৰমুখ তথা ৰাজ্যৰ ৰাজধানী গুৱাহাটীক আটকধুনীয়াকৈ সজাই তোলা হ'ব। গুৱাহাটীৰ খানাপাৰাৰ পৰা জালুকবাৰীলৈ পথৰ দুয়োকাষ হৈ পৰিব বেঙুনবুলীয়া। ইয়াৰ বাবে পথছোৱাৰ দুয়োকাষে অচিৰেই ৰোপণ কৰা হ'ব শাৰী শাৰী এজাৰ গছ।
আনহাতে, যোৰাবাটৰ বান সমস্যাৰ প্রতি লক্ষ্য ৰাখি ডিগাৰুৰ পৰা গুৱাহাটীলৈ অহা পথছোৱা চাৰিলেন কৰা হ'ব। কালি বিধানসভাত এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটী মহানগৰীৰ সৌন্দর্য বর্ধন আৰু কৃত্রিম বানপানীৰ প্ৰসংগত তেওঁ কয় যে গুৱাহাটীখন বেঙুনবুলীয়া অৰ্থাৎ পার্পল চিটি কৰাৰ যি পৰিকল্পনা কৰা হৈছে সেই অনুসৰি খানাপাৰাৰ পৰা জালুকবাৰীলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে এজাৰ গছ লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথ তথা প্ৰস্তাৱিত ৰিং ৰ'ডৰ নান্দনিক সৌন্দর্য বৃদ্ধি পাব। মহানগীৰৰ যিবোৰ ঘৰৰ ৰং পার্পল কৰিব পাৰি তেনেবোৰ ঘৰো পাৰ্পল কৰা হ'ব।'
আনহাতে, যোৰাবাটত কৃত্রিম বানে যি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰি তেনে পৰিৱেশ পূর্বে আমি দেখা নাছিলোঁ বুলি উল্লেখ কৰি তেওঁ কয় যে গুৱাহাটী ৰিং ৰ'ড পৰিকল্পনাত যোৰাবাটৰ কৃত্রিম বানপানীৰ পৰা সকাহ পোৱাৰ বাবে ডেৰশ কোটি টকা আবণ্টন কৰি থোৱা হৈছে। সম্প্রতি কনচালটেন্টে ইয়াৰ বাবে নক্সা প্রস্তুত কৰি আছে। আমি নক্সাখন আই আই টি গুৱাহাটীৰ পৰা অনুমোদন জনোৱাৰ কথা কৈছোঁ। ৰিং ৰ'ড নিৰ্মাণৰ কাম আগবঢ়াৰ লগে লগে আমি যোৰাবাটত দেখা অসুবিধাখিনি আঁতৰ কৰিব পাৰিম। আনহাতে, যোৰাবাট অসম আৰু মেঘালয়ৰ কেন্দ্ৰবিন্দু বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে যোৰাবাটত অনাগত দিনত যান-জঁট হৈয়ে থাকিব। সেয়েহে আমি ডিগাৰুৰ পৰা নাৰেংগীলৈ অহা ৰাস্তাটো চাৰিলেনযুক্ত কৰিব বিচাৰোঁ। যাতে জাগীৰোড আদি দিশৰ পৰা অহা লোকৰ বাবে বিকল্প ৰাস্তা হয়।'
উল্লেখযোগ্য যে কালি সদনত দিছপুৰৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে গুৱাহাটীক পার্পল চিটি হিচাপে গঢ়ি তোলাৰ বিষয়টো উত্থাপন কৰিছিল। তেওঁ প্রকাশ কৰিছিল যে গুৱাহাটী কেৱল অসমৰ ৰাজধানী নহয়; ই হাজাৰ বছৰৰ ইতিহাস, ঐতিহ্য আৰু সাংস্কৃতিক গৌৰৱৰ বাহক। এই চহৰৰ অতীত সংৰক্ষণ কৰাটো কেৱল ইতিহাস ৰক্ষাৰ প্ৰশ্ন নহয়, বৰঞ্চ ভৱিষ্যৎ প্ৰজন্মৰ প্ৰতি আমাৰ এক নৈতিক দায়িত্ব। গুৱাহাটীৰ ঐতিহাসিক আৰু সাংস্কৃতিক স্বকীয়তা অক্ষুণ্ণ ৰাখি 'Purple City' ধাৰণাৰ আধাৰত এক সুপৰিকল্পিত, টোকাসহ আৰু বিশ্বমানৰ নগৰ গঢ়ি তোলাৰ দাবী জনাই তেওঁ লগতে উল্লেখ কৰিছিল যে পূৰ্বতে গুৱাহাটী এতিয়া আগৰ গুৱাহাটী হৈ থকা নাই। সকলো ক্ষেত্রতে সলনি হৈছে। গুৱাহাটীখন আমি ৰক্ষা কৰিব লাগিব। চহৰখনৰ সত্তাটো বুজি কাম কৰিব লাগিব। কঠোৰভাৱে কিছুমান কৰিব লাগিব। কংক্রিটৰ জংঘলৰ পৰিৱৰ্তে গুৱাহাটীখনক আমি সজাই তুলিব লাগিব।
আনহাতে, এসময়ত গুৱাহাটীত বহুতো এজাৰ গছ আছিল বুলি জনাই তেওঁ কয় যে শৰাইঘাটৰ যুদ্ধতো এজাৰ গছ বিশেষভাৱে ব্যৱহৃত হৈছিল। সেয়েহে এজাৰৰ ৰঙেৰে গুৱাহাটীখন ৰঙীন কৰি তোলাৰ বাবে চহৰখনত এজাৰ গছ ৰোপণ কৰাৰ বাবেও তেওঁ আহ্বান জনায়।