২০৪০ ৰ ভিতৰত চন্দ্ৰত ঘৰ সাজিব নাছাই

Kakali Deka October 17, 2023

ডিজিটেল ডেস্ক: : সমগ্ৰ বিশ্বৰ বিভিন্ন মহাকাশ সংস্থাই চন্দ্ৰত অভিযান চলাবলৈ হেতা-ওপৰা লগোৱাৰ সমময়তে আমেৰিকাৰ মহাকাশ গবেষণা সংস্থা নাছাই এইবুলি দাবী কৰিছে যে তেওঁলোকে বহু বছৰৰ আগতেই চন্দ্ৰলৈ মানুহ প্ৰেৰণ কৰিছিল ৷ এতিয়া নাছাই আন মহাকাশ সংস্থাতকৈ এখোজ আগবাঢ়ি চন্দ্ৰত মানুহৰ বসতিস্থল নিৰ্মাণৰ দিশত অগ্ৰসৰ হৈছে।

নাছাই চন্দ্ৰত অধিক সময় কটাবলৈ বিচাৰে । আমেৰিকাৰ এখন আগশাৰীৰ বাতৰি কাকতে এই প্ৰসংগত নাছাৰ কেইবাজনো বিজ্ঞানীৰ সৈতে কথা পাতিছিল । তেওঁলোকে প্ৰকাশ কৰা অনুসৰি চন্দ্ৰত মানৱ বসতিস্থল নিৰ্মাণৰ লক্ষ্যত ২০৪০ চনৰ ভিতৰত উপনীত হ'ব পৰা যাব। ইয়াৰ কাৰণে এটা থ্রি-ডি প্ৰিণ্টাৰৰ সহায় লোৱা হ'ব। থ্রি ডি প্ৰিণ্টাৰে চন্দ্ৰৰ গাত থকা স্থানৰ ওপৰৰ তৰপৰ পৰা শিলৰ টুকুৰা আৰু খনিজৰ টুকুৰাৰ সহায়ত তৈয়াৰ কৰা কংক্রিট এই ঘৰ সজাৰ বাবে ব্যৱহাৰ কৰিব। নাছাৰ এজন বিজ্ঞানীয়ে প্ৰকাশ কৰা অনুসৰি বৰ্তমান তেওঁলোক প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে। নাছাই ইয়াৰ কাৰণে বিভিন্ন বিশ্ববিদ্যালয় তথা ব্যক্তিগত কোম্পানীক সহযোগী হিচাপে লৈছে।

নাছাই লোৱা পৰিকল্পনা অনুসৰি অহা বছৰ চন্দ্ৰলৈ থ্রি ডি প্ৰিণ্টাৰ প্ৰেৰণ কৰা হ'ব। নাছাৰ আৰ্টিমিছ অভিযানৰ অধীনত এই প্ৰিণ্টাৰ চন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব। আৰ্টিমিছ-২ৰ অধীনত মহাকাশ যাত্ৰীক চন্দ্ৰক পৰিভ্ৰমণ কৰিবলৈ প্ৰেৰণ কৰা হ'ব। এই অভিযানৰ অধীনত চাৰিজন মহাকাশচাৰীক চন্দ্ৰ পৰিভ্ৰমণ কৰিবলৈ প্ৰেৰণ কৰা হ'ব। ২০২৫-২৬ত প্ৰেৰণ কৰিবলগীয়া আৰ্টিমিছ-৩ অভিযানত চন্দ্ৰলৈ মানুহ প্ৰেৰণ কৰা হ'ব।

Share This