অৰাজক নেপাল, প্ৰধানমন্ত্ৰী পলাল

dainik janambhumi September 10, 2025

ডিজিটেল ডেস্কঃ কিশোৰ-যুৱকৰ বিদ্ৰোহৰ দাবানলে ছাৰখাৰ কৰি পেলাইছে আমাৰ প্ৰতিৱেশী ৰাষ্ট্ৰ নেপালক। প্রতিবাদকাৰীসকলে দেশখনৰ সংসদ ভৱন, ৰাষ্ট্ৰপতি ভৱন, উচ্চতম ন্যায়ালয় তথা দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ঘৰ জ্বলাই দিয়াৰ উপৰি বৰ্তমানৰ প্ৰধানমন্ত্ৰী আৰু কেইবাজনো মন্ত্ৰীৰ ঘৰ লণ্ড-ভণ্ড কৰে। শ্রীলংকা, বাংলাদেশৰ পাছত এইবাৰ নেপালত দেখা গ'ল কিশোৰ-যুৱকৰ বিক্ষোভ-প্রতিবাদে প্রবল ৰূপ ধাৰণ কৰি তথা হিংসাত্মক ৰূপ লৈ কিদৰে বাধ্য কৰালে দেশখনৰ প্ৰধানমন্ত্ৰীক পদত্যাগ কৰিবলৈ। শ্রীলংকা আৰু বাংলাদেশৰ সৈতে নেপালৰ প্ৰতিবাদৰ কিছু পার্থক্য আছে। বাংলাদেশত ২০২৪ চনত চৰকাৰ ওফৰাবলৈ সময় লৈছিল প্রায় এমাহ।

এমাহজোৰা আন্দোলনৰ পাছত তদানীন্তন প্রধানমন্ত্রী শ্বেখ হাছিনা চৰকাৰৰ পতন হৈছিল। আনহাতে শ্রীলংকাত চৰকাৰক গাদীচ্যুত কৰিছিল ৭ মহীয়া আন্দোলনে। কিন্তু মাত্র দুদিনতে প্রতিবাদকাৰীয়ে নেপালক কৰি তুলিলে অৰাজক। দেশখনত ফে'চবুক, ইউটিউব, ইনষ্টাগ্রাম, হোৱাটছএপ আদি কৰি ২৬টা সামাজিক মাধ্যমৰ ছাইট চৰকাৰে নিষিদ্ধ কৰাৰ প্ৰতিবাদত সোমবাৰে 'জেন-জেড'ৰ বেনাৰত আহ্বান জনোৱা হৈছিল প্রতিবাদ, ধর্ণা প্ৰদৰ্শনৰ। সোমবাৰে কাঠমাণ্ডুত সংসদ ভৱনৰ সন্মুখত প্ৰতিবাদকাৰীৰ আৰক্ষীৰ সৈতে সংঘর্ষ হয়। আৰক্ষী-নিৰাপত্তা বাহিনীৰ গুলীচালনাত নিহত হয় ২২জন আৰু আহত হয় চাৰি শতাধিক। উক্ত ঘটনাৰ পাছত কাঠমাণ্ডুকে ধৰি কিছু অঞ্চলত জাৰি কৰা হয় সান্ধ্য আইন। আনহাতে নিশা নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰে গৃহ মন্ত্ৰী ৰমেশ লেখকে। তদুপৰি প্ৰতিবাদকাৰীৰ ওচৰত সেও মানি সামাজিক মাধ্যমৰ ওপৰত থকা নিষেধাজ্ঞাও উঠাই লোৱা হয়। কিন্তু কিশোৰৰ পৰা যুৱকলৈ মুঠ ২২জনৰ মৃত্যুৱে দেশখনত তৰুণসকলৰ ক্ষোভ-অসন্তুষ্টিত যেন ঘিউহে ঢালিলে। মঙলবাৰে পুৱাৰ পৰা আৰম্ভ হ'ল ধ্বংসযজ্ঞ। প্রধানমন্ত্রী-ৰাষ্ট্ৰপতিৰ ব্যক্তিগত বাসগৃহকে ধৰি মন্ত্ৰী, প্রাক্তন মন্ত্রী, ৰাজনৈতিক নেতাৰ ঘৰত চলিল উন্মত্ত প্ৰতিবাদকাৰীৰ আক্ৰমণ।

প্রাক্তন প্রধানমন্ত্রী ঝলনাথ খনালৰ ঘৰত অগ্নিসংযোগত জুইত পুৰি পাছত মৃত্যু হয় খনালৰ পত্নী লক্ষী চিত্ৰকাৰৰ। আন এজন প্ৰাক্তন প্রধানমন্ত্রী শ্বেৰ বাহাদুৰ দেউবাৰ ঘৰত সোমাই উন্মত্ত লোকে তেওঁ আৰু তেওঁৰ পত্নীক মাৰপিট কৰে, প্ৰাক্তন প্রধানমন্ত্রী প্রচণ্ডৰ ঘৰতো আক্ৰমণ কৰে ক্ষুব্ধ প্রতিবাদকাৰীয়ে। তেনেদৰে বিত্ত মন্ত্রী বিষ্ণুপ্রসাদ পৌড়েলক ৰাজপথত খেদি খেদি কৰে আক্ৰমণ। কিন্তু এই উন্মত্ত প্রতিবাদকাৰীক বাধা দিয়াত ব্যর্থ হয় দেশখনৰ আৰক্ষী, সেনা, সশস্ত্ৰ আৰক্ষীকে ধৰি নিৰাপত্তা এজেন্সিসমূহ। মঙলবাৰে উত্তেজিত জনতাই আন বহু ৰাজনীতিকৰ ঘৰত আক্ৰমণ কৰে।

এনে ঘটনাসমূহৰ মাজতে দেশখনৰ প্ৰধানমন্ত্ৰী কে পি শর্মা অলীয়ে ৰাষ্ট্ৰপতি ৰাম চন্দ্ৰ পৌড়েলৰ হাতত পদত্যাগ-পত্র দাখিল কৰে আৰু ৰাষ্ট্ৰপতিয়ে পদত্যাগ-পত্র গ্রহণ কৰে। প্রধানমন্ত্রী অলীয়ে পদত্যাগ কৰাৰ পাছতে সেনাৰ সহায়ত কাঠমাণ্ডুৰ পৰা সুৰক্ষিত স্থানলৈ পলায়ন কৰে। আনহাতে, মঙলবাৰে উত্তেজিত প্রতিবাদকাৰীৰ ক্ষোভ আৰু আক্ৰমণৰ পৰা সাৰি নগ'ল গণতন্ত্ৰৰ প্রতীক সংসদ ভৱন, ৰাষ্ট্ৰপতি ভৱন তথা উচ্চতম ন্যায়ালয়ৰ কাৰ্য। উন্মত্ত লোকে সংসদ ভবন, ৰাষ্ট্ৰপতি ভৱন, উচ্চ ন্যায়ালয় জ্বলাই দিয়ে। তেনেদৰে কমিউনিষ্ট পাৰ্টিৰ কাৰ্যালয়, নেপালী কংগ্ৰেছৰ কাৰ্যালয়তো আক্রমণ কৰে প্ৰতিবাদকাৰীয়ে। কাঠমাণ্ডুত উন্মত্ত জনতাই জ্বলাই দিয়ে এখন হোটেল। আনহাতে, সংবাদ মাধ্যমৰ কাৰ্যালয়ো প্রতিবাদকাৰীৰ ৰোষৰ পৰা হাত সাৰি নগ'ল। কাঠমাণ্ডু আৰু কালিমাটিত উন্মত্ত জনতাই সংবাদ মাধ্যমৰ কাৰ্যালয় লণ্ডভণ্ড কৰে।

প্ৰতিবাদকাৰীয়ে দেশখনত সৃষ্টি কৰা অৰাজকতা আনকি সেনায়ো বাধা দিয়া বা নিয়ন্ত্ৰণ কৰাত ব্যর্থ হয়। শেষত উপায়হীন হৈ নেপাল সেনাৰ মুৰব্বীকে ধৰি দেশৰ বিভিন্ন নিৰাপত্তা এজেন্সিৰ মুৰব্বীয়ে প্রতিবাদকাৰীক শান্ত হ'বলৈ আহ্বান জনাই বিবৃতি জাৰি কৰিবলৈ বাধ্য হয়।

Share This