ডিজিটেল ডেস্ক : 'কাজিৰঙা জাতীয় অর্কিড আৰু জৈৱ-বৈচিত্র্য উদ্যানৰ প্ৰৱেশ মাচুলত জি এছ টি ফাকি দিছে অখিল গগৈয়ে। বিধানসভাই অনুমতি দিলে শীঘ্রেই অর্কিড উদ্যানত চলিব অভিযান।' বিধানসভাত এই মন্তব্য কৰিছে বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। বাজেটক বিধায়ক অখিল গগৈয়ে ক্ষুৰধাৰ সমালোচনা কৰি অহাৰ মাজতেই কালি প্ৰত্যুত্তৰ দিবলৈ গৈ জয়ন্ত মল্লবৰুৱাই সদনৰ মজিয়াত বিধায়কগৰাকীক তীব্র সমালোচনাৰ লক্ষ্য কৰি লয়। অখিল গগৈ সদনত উপস্থিত নথকাৰ সময়তে মন্ত্ৰীগৰাকীয়ে কয়, 'অখিল গগৈৰ অর্কিড উদ্যানৰ নামত ডাঙৰ ঘোটলা হৈছে।
উদ্যানৰ প্ৰৱেশ-পত্ৰৰ নামত জি এছ টি ফাকি দি থকা হৈছে। মোৰ হাতত এই সন্দৰ্ভত তথ্য আছে। জি এছ টি বিষয়া পঠিয়ালে তেওঁ এইটো ৰাজনৈতিক ইচ্ছ্যু কৰি দিব। কিন্তু বিধানসভাই অনুমতি দিলে মই কাইলৈকে ৰেইড কৰাৰ ব্যৱস্থা কৰিম।' জি এছ টি ফাকি দিয়াতকৈ ডাঙৰ ৰাষ্ট্রদ্রোহী কাম কি আছে বুলিও তেওঁ প্রশ্ন কৰে। আনহাতে, অখিল গগৈৰ বাজেট বিৰোধিতা আৰু ছিণ্ডিকেট প্রসংগত বক্তব্য আগবঢ়াই মন্ত্রী জয়ন্ত মল্লবৰুৱাই লগতে কয় যে যোৱা বৰ্ষত চৰকাৰে ৩৫ শতাংশ ৰাজহ সংগ্ৰহ কৰিছিল। এইবাৰ ৫০ শতাংশ ৰাজহ সংগ্ৰহৰ লক্ষ্য লোৱা হৈছে। চৰকাৰৰ নিজা ৰাজহ বাঢ়িলে বাজেটৰো ধন বৃদ্ধি কৰিব পৰা যাব। চৰকাৰক ৰাজহ দি ৰাস্তাৰে বুকু ফিন্দাই সুন্দৰকৈ বস্তু কঢ়িয়াই নিয়ক, তাত কোনো অসুবিধা নাই। আনহাতে, চৰকাৰৰ ঘৰলৈ ৰাজহ আনিবলৈ যাওঁতে মোক কোনোবাই গালি পাৰিলেও তাক মই হাঁহিমুখে গ্রহণ কৰিম বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে যোৱা ১৫ দিনত ৩০০টাৰো অধিক কাঠৰ মিল জব্দ কৰা হৈছে আৰু সেই সকলোবোৰ সামগ্ৰী অহা ৪৫ দিনৰ ভিতৰত নিলাম কৰি দিয়া হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
ইফালে অখিল গগৈক কটাক্ষ কৰি তেওঁ লগতে কয়, 'অখিল গগৈয়ে বাজেট সন্দৰ্ভত যিবোৰ কথা কৈছে তাৰ কোনো ভিত্তি নাই। তেওঁ সদনত এটা কথা কয়, বাহিৰত এটা কথা কয়। তেওঁ বাজেটখন ভালদৰে পঢ়িলে নে নাই তাতো সন্দেহ আছে। তেওঁ উদ্যোগীকৰণৰ কথা কৈছে। ইতিমধ্যে অসম চৰকাৰে উদ্যোগীকৰণৰ বাবে ৩০ লাখ মহিলাক উদ্যমিতাৰ ধন দিছে। অহা পাঁচ বছৰত ১০ লাখ যুৱক-যুৱতীক আত্মনিৰ্ভৰশীল অসমৰ টকা দিয়া হ'ব। নগৰভিত্তিক উদ্যোগীকৰণৰ বাবে আমি ছেটেলাইট চিটি নিৰ্মাণ কৰি আছোঁ। দক্ষতা বিকাশৰ বাবে জাপানী পাঠ্যক্ৰমৰ ব্যৱস্থা কৰাৰ লগতে মঙলদৈত স্কীল ইউনিভাৰ্ছিটি নির্মাণ কৰি থকা হৈছে আৰু অহা বছৰৰ পৰা তাত পাঠ্যক্ৰমো আৰম্ভ হ'ব। আন্তঃৰাষ্ট্ৰীয় বজাৰ দখলৰ বাবে তেজপুৰৰ লিচুৰ পৰা আৰম্ভ কৰি এৰী-মুগালৈকে 'মিছন চেনেহে জৰি' বাজেটত উল্লেখ কৰা হৈছে।
উল্লেখযোগ্য যে অখিলে কোৱা সকলোবোৰ আমি কৰিয়েই থৈছোঁ, তেওঁ কৰাবোৰকেই ক'লে বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে অখিল গগৈক এইবোৰ কথা ক'বলৈ কোনে লিখি দিছে বুলিহে কটাক্ষ কৰে।