নেপালত 'জেন-জী'ৰ মতে হ'ব চৰকাৰ

dainik janambhumi September 11, 2025

ডিজিটেল ডেস্কঃ ২৬টা সামাজিক মাধ্যমৰ মঞ্চ নিষিদ্ধ কৰাৰ বিৰুদ্ধে নেপালত হোৱা হিংসাত্মক প্ৰতিবাদৰ পাছত দেশখনৰ অন্তৱৰ্তী চৰকাৰৰ মুৰব্বী বাছনি কৰিবলৈ ৫০০০ তৰুণে অংশগ্ৰহণ কৰা ভার্চুৱেল সভাই জেন-জেডৰ (১৯৯৭ৰ পৰা ২০১২ চনৰ ভিতৰত জন্ম হোৱা প্ৰজন্ম) পচন্দৰূপে বাছনি কৰিছে নেপালৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাকীক। উক্ত অনলাইন আলোচনাত মনোনিৱেশ কৰা হৈছিল দেশৰ শীৰ্ষ পদটোৰ বাবে সম্ভাব্য প্রার্থীৰ বাছনিত।

প্রথমতে কাঠমাণ্ডুৰ মেয়ৰ বলেন (বলেন্দ্ৰ) শ্বাহ জেন-জেড (জেন-জী নামেৰেও জনাজাত)ৰ পচন্দৰ প্রার্থী আছিল। কিন্তু বাৰে বাৰে যোগাযোগ কৰিবলৈ চেষ্টা কৰাৰ পাছতো তেওঁ সঁহাৰি নজনালে। উক্ত বৈঠকত থকা এজন প্রতিনিধিয়ে সংবাদ মাধ্যমক কয়, 'যিহেতু তেওঁ আমাৰ ফ'নকল নধৰিলে, সেয়ে আলোচনাত আন নামৰ আলোচনা হয়। বেছিভাগেই সুশীলা কাকীক সমর্থন জনায়।' কাকীক আগতেও এই প্রস্তাৱেৰে লগ কৰা হৈছিল আৰু সমর্থনৰ প্ৰদৰ্শনৰ বাবে তেওঁ ১,০০০ জনৰ স্বাক্ষৰ বিচাৰিছিল। কিন্তু তেওঁ ২,৫০০টা সমর্থনৰ স্বাক্ষৰ লাভ কৰে। কাকী শীর্ষ প্রার্থী যদিও, আন কেইবাজনৰো কথা বৈঠকত আলোচনা হয়। তেওঁলোক হৈছে নেপাল বৈদ্যুতিক প্ৰাধিকৰণৰ মুৰব্বী কুলমান ঘিচিং, তৰুণ নেতা সাগৰ ঢাকাল আৰু ধাৰানৰ মেয়ৰ হৰকা সমপাং।

ইউটিউবাৰ ৰেণ্ডম নেপালীৰ নামো আলোচনা হয়। এতিয়াও যদি সুশীলা কাকীয়ে প্ৰস্তাৱ গ্ৰহণ কৰে তেতিয়া তেওঁ প্ৰথমতে সেনাৰ মুৰব্বী জেনেৰেল অশোক ৰাজ ছিগডেলক সাক্ষাৎ কৰিব আৰু তাৰ পাছত ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌড়েলৰ অনুমতি বিচাৰিব।

Share This