বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ, 'নিউ কাৰেণ্টছ বঁটা': বিচাৰক নির্বাচিত ৰীমা দাস

Dainik Janambhumi September 23, 2026

ডিজিটেল ডেস্ক : ৩১ সংখ্যক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত নিউ কাৰেণ্টছ বঁটাৰ বাবে তিনিগৰাকী বিচাৰকৰ ভিতৰত অন্যতম এগৰাকী হিচাপে নির্বাচিত হৈছে চলচ্চিত্র নির্মাতা ৰীমা দাস। দাসৰ বাহিৰে নিৰ্বাচিত আন দুগৰাকী বিচাৰক হৈছে কোৰিয়ান অভিনেতা শ্বিম ইউন-কিউং আৰু চীনৰ প্ৰযোজক শ্বান জুওলং। 

মহোৎসৱৰ অন্যতম মূল প্রতিযোগিতামূলক সন্মান নিউ কাৰেণ্টছ বঁটাৰ জৰিয়তে এছিয়াৰ উদীয়মান চলচ্চিত্র নির্মাতাসকলক স্বীকৃতি দিয়া হয়। ইয়াৰ সৈতে ২০ মিলিয়ন নগদ ধনৰ পুৰস্কাৰো জড়িত হৈ আছে। দাসে এটা বিবৃতিত কয়, 'ছবি নির্মাতা হিচাপে বুছান মোৰ যাত্ৰাৰ এক অতি বিশেষ অংশ হৈ পৰিছে। মই মোৰ ছবি লৈ ইয়ালৈ আহিছোঁ, দর্শক আৰু বহু চলচ্চিত্র নির্মাতাক লগ পোৱাৰ লগতে বিভিন্ন দৃষ্টিকোণৰ পৰা উৎসৱৰ অভিজ্ঞতা লাভ কৰিছোঁ । এতিয়া বিচাৰক হ'বলৈ পোৱাটো মোৰ বাবে আন এক অভিজ্ঞতা। 

উল্লেখযোগ্য যে আন দুগৰাকী বিচাৰক ক্ৰমান্বয়ে শ্বিম ইউন-কিউং 'ছানি', 'মিছ গ্রেনী' আৰু 'দ্য জার্নেলিষ্ট' আদি ছবিৰ বাবে পৰিচিত। আনহাতে শ্বান জুওলঙে কানে, ভেনিছ আৰু বার্লিনকে ধৰি ডাঙৰ ডাঙৰ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত উপস্থাপন কৰা ছবি প্রযোজনা কৰিছে।

Share This