আজিৰ সম্পাদকীয়, স্বাস্থ্য খণ্ডৰ উন্নয়ন

Dainik Janambhumi September 23, 2026

ডিজিটেল ডেস্ক : বিগত কেইটামান বছৰত ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ ভালেখিনি উন্নয়ন হৈছে। স্বাস্থ্য খণ্ডক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্রায় প্রতিদিনে ৰাইজক ন ন সপোন দেখুৱাই অহা বুলি ক'লে হয়তো ভুল কোৱা নহ'ব। ইখনৰ পাছত সিখনকৈ চৰকাৰী মেডিকেল কলেজ স্থাপন হৈছে, ছুপাৰ স্পেচিয়েলিটি হস্পিটেল হৈছে, নতুন নতুন অত্যাধুনিক সা-সুবিধাৰে সমৃদ্ধ হৈছে স্বাস্থ্য খণ্ড। পূর্বতে ডিব্রুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেল নাইবা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলেই আছিল ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ ৰোগীৰ বাবে একমাত্র আশা-ভৰসাৰ থলী। স্বাধীনতাৰ পাছত ছটা দশক অপেক্ষা কৰিবলগীয়া হৈছিল, ৰাজ্যবাসীয়ে চতুর্থখন চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেল লাভ কৰিবলৈ। কিন্তু, শেহতীয়া সময়ছোৱালৈ লক্ষ্য কৰিলে এক বৃহৎ পৰিৱৰ্তন পৰিলক্ষিত হয়।

সাম্প্রতিক সময়ত গুৱাহাটীৰ লগতে ডিব্ৰুগড় আৰু শিলচৰতো সম্পূৰ্ণ ৰব'টিক অস্ত্রোপচাৰ গোট সংযোজন হৈছে। ৰাজ্যখনত এইম্‌ৰ দৰে চিকিৎসা প্রতিষ্ঠান হৈছে। এইবোৰলৈ চাই ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ জয়জয়-ময়ময় অৱস্থা হোৱা বুলি ধাৰণা কৰাটো নিশ্চয়কৈ ভুল নহ'ব, কিন্তু প্রকৃত ছবিখন এনে হয়নে? নামত বছৰি নতুন নতুন চিকিৎসালয় স্থাপন কৰা হৈছে যদিও কার্যক্ষেত্ৰত ইয়াৰ সুফল ৰাইজে কিমান পাইছে, বা ৰোগীৰ চিকিৎসা কিমান দূৰলৈ সম্ভৱ হৈছে, সেইটো গুৰুত্বপূৰ্ণ প্রশ্ন। আজিও, পর্যাপ্ত চিকিৎসাৰ অভাৱত অকালতে মৃত্যুক সাবটি ল'বলগীয়া হোৱা বহু ঘটনা সঘনাই আমাৰ ৰাজ্যত সংঘটিত হৈ আহিছে। 

চিকিৎসালয়ৰ নামত বৃহৎ বৃহৎ অট্টালিকা নির্মাণ হৈছে ঠিকেই, বহুকেইখন চৰকাৰী মেডিকেল কলেজ স্থাপন হৈছে, কিন্তু ভিতৰত ৰোগীক চাবলৈ চিকিৎসক নাই। এক কথাত, অসমৰ স্বাস্থ্য খণ্ডৰ ছবিখন আজিও পুতৌজনক হৈয়ে আছে। গাঁৱৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা জিলা অসামৰিক চিকিৎসালয়লৈকে, সকলোতে একেটাই সমস্যা- পর্যাপ্ত চিকিৎসক নাই, নাৰ্ছ নাই, কৰ্মচাৰী নাই। আজিৰ তাৰিখতো, ৰাজ্যখনত একমাত্র এম্বুলেঞ্চৰ অভাৱৰ বাবেই অকালতে প্রাণ হেৰুৱাবলগীয়া হয় বহু লোকে। স্বাধীনতাৰ ৭৮ বছৰৰ পাছতো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লোকসকলে চিকিৎসাৰ নামত এইদৰে যমৰ যাতনা ভুগি থকাটো অতি পৰিতাপৰ কথা। কেৱল চৰকাৰী স্বাস্থ্য খণ্ডৰ ওপৰতে নিৰ্ভৰশীল এনে লোকসকলৰ সুবিধাৰ বাবে আন চিকিৎসালয়সমূহৰ কথা বাদেই, চিকিৎসা মহাবিদ্যালয়কেইখনতো পর্যাপ্ত আহিলা-পাতি নাই, চিকিৎসক-চিকিৎসাকর্মীৰো অভাৱ। ৰোগ পৰীক্ষণৰ বাবে যিসমূহ যন্ত্র-পাতি আছে, সেয়াও পর্যাপ্ত মানসম্পন্ন নহয়। ৰাজ্যখনত বিগত সময়ত ভালেকেইখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে আৰু কেইখনমান নির্মীয়মাণ অৱস্থাত আছে যদিও সামগ্রিকভাবে স্বাস্থ্য খণ্ডৰ এনে এক উদ্বেগজনক ছবিহে আমি দেখিবলৈ পাওঁ। চিকিৎসক, চিকিৎসাকর্মী, প্রয়োজনীয় সা-সঁজুলি অবিহনেই চলিছে বহু চিকিৎসালয়। চিকিৎসক আৰু অধ্যাপকৰ অভাৱত চিকিৎসা মহাবিদ্যালয়সমূহত শৈক্ষিক আৰু চিকিৎসা সেৱা দুয়োটা দিশতে যথেষ্ট বিৰূপ প্রভাৱ পৰিছে। ৰাজ্যখনৰ অন্যতম পুৰণি চিকিৎসা প্রতিষ্ঠান অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলতো চিকিৎসকৰ তীব্র নাটনিয়ে দেখা দিছে। ৪৩৪টা অনুমোদিত চিকিৎসক পদৰ বিপৰীতে চিকিৎসা মহাবিদ্যালয়খনত বৰ্তমান কৰ্মৰত চিকিৎসকৰ সংখ্যা ৩১৩জন। অকল চিকিৎসকেই নহয়, নাৰ্ছৰো একেই সমস্যা। বহু পদ খালী হৈ থকাৰ ফলত নাৰ্ছসকলৰ ওপৰত পৰিছে অস্বাভাৱিক কামৰ বোজা। কেৱল চিকিৎসক, নাৰ্ছ নাইবা কৰ্মচাৰীৰ অভাৱেই নহয়, চিকিৎসাৰ বাবে অতি প্রয়োজনীয় এম আৰ আই, চিটি স্কেন যন্ত্রসমূহো সঘনাই বিকল হৈ থকাৰ ফলত ৰোগীয়ে যাতনা ভোগ কৰিবলগীয়া হৈছে। এয়া মাত্র এখন চিকিৎসালয়ৰহে কথা। এনে বহু চিকিৎসালয়ত আজিৰ তাৰিখত খালী হৈ আছে চিকিৎসক, অধ্যাপক, নাৰ্ছ, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীকে ধৰি বিভিন্ন শ্ৰেণীৰ কৰ্মচাৰী। এনেবোৰ ঘটনাই ৰাজ্যখনৰ স্বাস্থ্য খণ্ডৰ পয়ালগা ছবি এখনো একে সময়তে উদঙাই দিয়ে। বিশেষকৈ, বহুকেইখন জিলাৰ ভিতৰুৱা অঞ্চলত এজন চিকিৎসকে তিনি-চাৰিখন স্বাস্থ্য কেন্দ্র চন্তালিব লগা হৈছে। ফলত, এজন ৰোগীয়ে পুৱাৰ পৰা শাৰী পাতি আবেলি চিকিৎসকৰ মুখ নেদেখাকৈয়ে ঘৰলৈ উভতিব লগা হৈছে। জৰুৰী অৱস্থাত প্রসূতি ৰোগীক কেইবা কিল'মিটাৰ দূৰৰ মেডিকেল কলেজলৈ 'ৰেফাৰ' কৰাৰ ফলত বহুতে বাটতে প্রাণ হেৰুৱায়।

স্বাস্থ্য মৌলিক অধিকাৰ। এই অধিকাৰৰ পৰা বঞ্চিত হোৱা কথাই এই খণ্ডটোৰ উন্নয়নৰ প্ৰকৃত ছবিখন উদঙাই দিয়ে। উন্নয়নৰ ফিতা কাটি, নাইবা এক্সপ্রেছৱে' বনাই উন্নয়নৰ ঢাক-ঢোল বজোৱা ৰাজ্যখনত যদি আজিৰ তাৰিখত এজন দৰিদ্ৰ ৰোগীয়ে বিনা চিকিৎসাত মৰিব লগা হয়, তাতকৈ লজ্জাজনক কথা হয়তো একো নাই। কেৱল মেডিকেল কলেজ খুলিলেই স্বাস্থ্য সেৱা উন্নত নহয়। গ্রাম্য স্বাস্থ্য ব্যৱস্থাক শক্তিশালী কৰি তুলিব লাগিব। অন্যথা চহৰৰ ডাঙৰ হস্পিটেলবোৰত ৰোগীৰ ভিৰ বাঢ়িবই। আজিও ডাঙৰ ডাঙৰ চিকিৎসা মহাবিদ্যালয়সমূহত ৰোগীয়ে বিছনা এখন নোপোৱাৰ মূলতে এইটোৱেই। অসমৰ স্বাস্থ্য ব্যৱস্থাক এতিয়া অট্টালিকা নহয়, সেৱা কৰিবলৈ ইচ্ছুক চিকিৎসা কর্মীৰহে প্রয়োজন। এই দুৰৱস্থাৰ দায় কেৱল চৰকাৰৰ নহয়, ব্যৱস্থাটোৰো। চিকিৎসকক গাঁৱলৈ যাবলৈ বাধ্য কৰাৰ লগতে তাত থকাৰ পৰিৱেশো দিব লাগিব। অন্যথা চিকিৎসালয় থাকিও ৰোগীয়ে চিকিৎসা লাভৰ বাবে ব্যক্তিগত খণ্ডৰ হস্পিটেললৈ দৌৰিব লাগিব।

Share This