অযোধ্যাৰ ৰাম মন্দিৰত কমিছে দৰ্শনাৰ্থীৰ সংখ্যা

dainik janambhumi July 13, 2026

ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ৰাম মন্দিৰত অৰিহণা চুৰিৰ অভিযোগ উত্থাপন হোৱাৰ পাছৰে পৰা ঐতিহাসিক চহৰখনৰ পৰিৱেশ সলনি হৈছে। স্থানীয় লোকসকলে প্রকাশ কৰা মতে, শ্ৰীৰাম জনমভূমি তীর্থ ক্ষেত্র ন্যাসত অৰিহণা চুৰি-কাণ্ডই জোকাৰি যোৱাৰ পাছত মন্দিৰটোলৈ দর্শনার্থীৰ সংখ্যা লক্ষণীয়ভাৱে হ্রাস পাইছে। আনহাতে, তীৰ্থনগৰী অযোধ্যাত হোটেল-যাত্রী নিৱাসত ২৫% আৱাসী কমিছে।

আনহাতে, ৰাম লালা দৰ্শন কৰিবলৈ অহা ভক্তৰ সংখ্যা প্রায় ৩০% কমিছে। স্থানীয় চন্দন আৰু ফুলৰ মালা ব্যৱসায়ীয়ে কয় যে ৰাম মন্দিৰত অৰিহণা চুৰিৰ ঘটনাটোৱে ভক্তৰ মাজত বিৰূপ প্রভাৱ পেলাইছে। আন এখন 'প্রসাদ' বিক্রেতাই কয় যে তেওঁ আগেয়ে দৈনিক ৪০০০-৫০০০ টকা উপাৰ্জন কৰিছিল আৰু অৰিহণা চুৰি- কাণ্ডৰ পাছত তেওঁ এতিয়া ৫০০-১০০০ টকা উপাৰ্জন কৰিছে। 

নয়া ঘাটৰ ফুল বিক্রেতা সূর্য প্রকাশে কয় যে পূর্বে ১০০০-১৫০০ টকা উপাৰ্জন কৰা তেওঁৰ আয় এতিয়া ৫০০ টকা দৈনিক হৈছেহি। ৰামপথৰ জনপ্রিয় ৰেস্তোৰাঁখনৰ ব্রেকফাষ্ট টেবুল এতিয়া প্রায়ে খালী থাকে। তীৰ্থনগৰখনৰ বহুতো দোকানী, হোটেলৰ মালিক, অট', ই-ৰিক্সাৰ চালকে অভিযোগ কৰিছে যে দান চুৰি ঘটনাৰ বাবেই ৰাম মন্দিৰলৈ তাৰ্থযাত্ৰীৰ সংখ্যা হ্রাস পাইছে।

Share This