ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ

dainik janambhumi September 03, 2025

ডিজিটেল ডেস্ক : ২০২০ চনত সংঘটিত সংঘৰ্ষৰ ষড়যন্ত্ৰৰ গোচৰত অভিযুক্ত ওমৰ খালিদ, শ্বার্জিল ইমাম আৰু অন্য ৭জনক দিল্লী উচ্চ ন্যায়ালয়ে মঙলবাৰে জামিন দিবলৈ অস্বীকাৰ কৰে। খালিদ, ইমাম, মঃ ছালিম খান, শ্বিফা উৰ ৰেহমান, আথাৰ খান, মীৰান হাইদাৰ, আব্দুল খালিদ ছাইফী, গুলফিছা ফাতিমা আৰু শ্বাদাব আহমেদৰ জামিন আৱেদনৰ শুনানি লৈ ন্যায়াধীশ নবীন চাওলা আৰু শ্বালিন্দাৰ কৌৰৰ এখন পীঠে এই ৰায় দিয়ে।

আদালতে গোচৰটোৰ ৰায় ৯ জুলাইত সংৰক্ষিত ৰাখিছিল। চৰকাৰী পক্ষৰ অধিবক্তাই আটাইকেইজন অভিযুক্তৰ জামিন আৱেদনৰ বিৰোধিতা কৰি কয় যে সেয়া স্বতঃস্ফূর্ত সংঘৰ্ষৰ ঘটনা নাছিল, বৰঞ্চ ই আছিল এটা পৰিকল্পিত ষড়যন্ত্র। উল্লেখযোগ্য যে ২০২০ চনৰ ফেব্ৰুৱাৰীত দিল্লীত সংঘটিত সংঘর্ষত ৫৩জন লোকে প্রাণ হেৰুৱাইছিল আৰু প্রায় ৭০০জন লোক আহত হৈছিল।

Share This