ডিজিটেল ডেস্কঃ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা যুদ্ধৰ কেইবামাহৰ পাছত পাকিস্তানৰ উপ-প্রধানমন্ত্রী তথা বিদেশ মন্ত্রী ইশ্বাক ডাৰে ভাৰতৰে আলোচনাৰ পোষকতা কৰিছে। ইশ্বাক ডাৰে কয় যে সকলো নিষ্পত্তি নোহোৱা সমস্যাৰ বিষয়ত ভাৰতৰ সৈতে ব্যাপক আলোচনা কৰিবলৈ পাকিস্তান আগ্রহী।
কাশ্মীৰৰ সমস্যাসহ নিষ্পত্তি নোহোৱা সকলো বিষয়ত হ'বলগীয়া এই আলোচনা মর্যাদাপূর্ণ আৰু সন্মানজনক হ'ব লাগিব বুলি ডাৰে কয়। ডাৰে স্পষ্ট কৰি দিয়ে যে আলোচনাৰ বাবে কিন্তু পাকিস্তানে ভাৰতক অনুৰোধ নকৰে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ডাৰে কয় যে জম্মু-কাশ্মীৰ বিষয়ত হোৱা আলোচনা দুয়োখন দেশৰ মাজত হোৱা ব্যাপক বৈঠকৰ অংশ হ'ব লাগিব।
আনহাতে, ভাৰতে ইতিমধ্যে স্পষ্ট কৰি দিছে যে সন্ত্রাসবাদৰ বিষয়ত আৰু পাকিস্তান-অধিকৃত কাশ্মীৰ ভাৰতক ঘূৰাই দিয়াৰ বিষয়তহে ভাৰতে আলোচনা কৰিব। উল্লেখযোগ্য যে পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেনেৰেল পাৰভেজ মুশ্বাৰফৰ সময়তে ২০০৩ চনত দুয়োখন দেশৰ মাজত আলোচনা প্ৰক্ৰিয়া আৰম্ভ হৈছিল।