'নেপালৰ পৰা ভাৰতত আক্ৰমণৰ পৰিকল্পনা পাক সন্ত্রাসবাদীৰ'

dainik janambhumi July 13, 2025

ডিজিটেল ডেস্ক : ভাৰতৰ নিৰাপত্তা সংস্থাসমূহলৈ সতর্কবাণী প্ৰেৰণ কৰিছে নেপাল চৰকাৰৰ এজন জ্যেষ্ঠ উপদেষ্টাই। নেপালৰ ভূমি ব্যৱহাৰ কৰি পাকিস্তান-ভিত্তিক সন্ত্রাসবাদী সংগঠনবোৰে ভাৰতত আক্ৰমণৰ পৰিকল্পনা কৰি আছে বুলি নেপালৰ জ্যেষ্ঠ চৰকাৰী উপদেষ্টাজনে ভাৰতৰ নিৰাপত্তাৰ বাবে উদ্বেগজনক মন্তব্য কৰে। দক্ষিণ এছিয়াত আঞ্চলিক শান্তি আৰু নিৰাপত্তাৰ প্ৰতি প্ৰত্যাহ্বান বিষয়ত কাঠমাণ্ডুত আয়োজিত এখন সন্মিলনত নেপালৰ ৰাষ্ট্ৰপতিৰ প্ৰধান ৰাজনৈতিক উপদেষ্টা তথা দেশখনৰ প্ৰাক্তন উদ্যোগ মন্ত্রী সুনীল বাহাদুৰ থাপাই কয় যে ৰাষ্ট্ৰসংঘই ঘোষণা কৰা পাকিস্তান-ভিত্তিক সন্ত্রাসবাদী সংগঠন লস্কৰ-এ-টয়বা (এল ই টি) আৰু জৈছ-এ-মহম্মদ (জে ই এম) আদিৰ দৰে নিষিদ্ধ গোটে ভাৰতৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি পুনৰ সৃষ্টি কৰিছে আৰু নেপালৰ ভূমিত ঘাটি হিচাপে লৈ ভাৰতত কুটাঘাতমূলক কার্য সংঘটিত কৰাৰ পৰিকল্পনা কৰি আছে। 

এই তথ্যৰ বিষয়ত উদাহৰণ হিচাপে দি নেপালৰ ৰাজনৈতিক উপদেষ্টাজনে কয় যে কিছুমান বিশেষ ঘটনা, যেনে- কাঠমাণ্ডুৰ পৰাই ইণ্ডিয়ান এয়াৰলাইনছৰ বিমান আই চি-৮১৪ৰ 'কান্দহাৰ হাইজেকৰ' ঘটনা তেওঁ আঙুলিয়াই দিয়ে। নেপালৰ ৰাজনৈতিক উপদেষ্টাজনে কয় যে ভাৰতলৈ অনুপ্রৱেশৰ বাবে পাকিস্তানী সন্ত্রাসবাদী গোটসমূহে ইতিমধ্যে নেপালৰ ভূমি ব্যৱহাৰ কৰি আহিছে। ভাৰতত ৪০টা সন্ত্রাসবাদীৰ বোমা আক্ৰমণৰ লগত জড়িত লস্কৰৰ এটা শীর্ষ সন্ত্রাসবাদী আব্দুল কৰিম টুণ্ডাক ভাৰত-নেপাল সীমান্তত ২০১৩ চনতে গ্রেপ্তাৰ কৰা বিষয়টো তেওঁ উল্লেখ কৰে। তদুপৰি, ভাৰতীয় মূলৰ নেপালৰ সাংসদ এজনৰ হত্যাকাৰী তথা ডাউদ ইব্রাহীম তথা আই এছ আই সৈতে সংযোগ থকা মির্জা ডিলশ্বাহ বেইগৰ গোচৰটোৰ বিষয়ো তেওঁ উদাহৰণ হিচাপে উল্লেখ কৰে। ২০১৩ চনত নেপাল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ইণ্ডিয়ান মুজাহিদিনৰ সহ-প্রতিষ্ঠাপক য়াছিন ভটকালক চলিত বৰ্ষতে ভাৰতক হস্তান্তৰ কৰিছে বুলি তেওঁ কয়। 

আনহাতে, ২০২৪ৰ এপ্ৰিলত উত্তৰ প্রদেশ সন্ত্রাস-বিৰোধী স্কোৱাডে দুটা পাকিস্তানী সন্ত্রাসবাদীক ভাৰত-নেপাল সীমান্তৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰে। তদুপৰি, চলিত বৰ্ষৰ এপ্ৰিলত পহলগাম-কাণ্ডত সন্ত্রাসবাদীয়ে এজন নেপালৰ লোকক হিন্দু হোৱাৰ বাবেই হত্যা কৰিলে বুলি থাপাই মন্তব্য কৰে। উল্লেখযোগ্য যে নেপাল ইনষ্টিটিউট ফৰ ইণ্টাৰনেশ্যনেল কো-অপাৰেশ্যনে আয়োজন কৰা সন্মিলনখনত দক্ষিণ এছিয়াত সন্ত্রাসবাদৰ ভাবুকি সন্দৰ্ভত দেশখনৰ বিশেষজ্ঞ, নীতি নির্ধাৰক আৰু প্রাক্তন কূটনীতিবিদসকলে আলোচনা কৰে। সন্মিলনখনত নেপালৰ কেইবাজনো গুৰুত্বপূৰ্ণ কূটনীতিবিদ উপস্থিত আছিল।

Share This