ডিজিটেল ডেস্কঃ ভাৰতৰ ঔষধজাতীয় সামগ্রী ৰপ্তানিৰ যোৱা বিত্তীয় বৰ্ষত ৩ হাজাৰ কোটি ডলাৰ অতিক্ৰম কৰিছে। দেশৰ ঔষধজাতীয় সামগ্ৰীৰ সামগ্রিক ৰপ্তানিৰ এক তৃতীয়াংশতকৈও অধিক ক্রয়েৰে আমেৰিকা যুক্তৰাজ্য ভাৰতৰ মুখ্য বজাৰ হিচাপে পৰিগণিত হৈছে।
চৰকাৰী বাণিজ্যিক তথ্য অনুসৰি, ২০২৪-২৫ বিত্তীয় বর্ষত ঔষধজাতীয় সামগ্ৰী ৰপ্তানি ২০২৩-২৪ বিত্তীয় বছৰৰ ২ হাজাৰ ৭৫০ কোটি ডলাৰৰ তুলনাত ৯% বৃদ্ধি হৈছে। চলিত বছৰৰ মাৰ্চ মাহত এই ৰপ্তানি বছৰি ৩০% বৃদ্ধি হোৱা বুলি নথিভুক্ত কৰা হৈছে। আৰু এই পৰিমাণ ৩৬৮ কোটি ১০ লাখ ডলাৰ হৈছেগৈ। যোৱাটো বিত্তীয় বৰ্ষৰ মাৰ্চত এই পৰিমাণ ২৮০ কোটি ৬ লাখ ডলাৰহে আছিল।
ইপিনে, আমেৰিকা যুক্তৰাজ্যলৈ কৰা ৰপ্তানিৰ পৰিমাণ ২০২৪-২৫ বৰ্ষত ১৪% বৃদ্ধি হৈছে। ব্রিটেইন, ব্রাজিল, ফ্রান্স আৰু দক্ষিণ আফ্রিকা যোৱা বিত্তীয় বৰ্ষত ভাৰতৰ ঔষধজাতীয় সামগ্ৰীৰ ৰপ্তানি কৰা দেশসমূহৰ ভিতৰত শীৰ্ষত আছে।'