ট্ৰিলিয়নেয়াৰৰ খিতাপ হেৰুৱালে বিশ্বৰ সবাতোকৈ ধনী ইলন মাস্কে, মার্কিন শ্বেয়াৰ বজাৰত এদিনতে ১১ লাখ কোটি টকাৰ লোকচান

dainik janambhumi June 25, 2026

ডিজিটেল ডেস্ক : ট্রিলিয়নেয়াৰ হৈ থকাৰ যোগ্যতা হেৰুৱালে বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি ইলন মাস্কে। আমেৰিকাৰ শ্বেয়াৰ বজাৰত পতন হোৱাৰ বাবে মাস্কৰ সম্পত্তিৰ এটা দিনতে ১১৮ নিযুত ডলাৰ অৰ্থাৎ ১১ লাখ কোটি টকাৰ লোকচান হয়। 

ইলন মাস্কৰ মুঠ সম্পত্তি বর্তমান অৱনমিত হৈ ৯৫৭ নিযুত ডলাৰ হয়। কিন্তু ১১ লাখ কোটি টকাৰ লোকচান হোৱাৰ পাছতো ইলন মাস্ক বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি হৈয়ে আছে। 

আনহাতে, ইলন মাস্ক মালিকাধীন স্পেছএক্সৰ শ্বেয়াৰ একেৰাহে পতন হৈ আছে। তিনিটা কাৰ্যকৰী সত্ৰত স্পেছএক্সৰ শ্বেয়াৰ প্ৰায় ২৩ পইন্ট অৱনমিত হৈছে। যাৰ বাবে মাস্কৰ কোম্পানীটোৰ ৬০০ নিযুত ডলাৰ কম হৈ গৈছে। শ্বেয়াৰ বজাৰত এই পতনৰ বাবে মাস্কে ট্রিলিয়নেয়াৰৰ খিতাপ হেৰুৱাইছে।

Share This