৩০% পথচাৰীৰ মৃত্যু ঘাইপথৰ দুৰ্ঘটনাত, পৰিবহণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনৰ তথ্য

dainik janambhumi June 25, 2026

ডিজিটেল ডেস্ক : কেৱল মহানগৰীসমূহৰ পথতেই পথচাৰীসকলৰ দুৰ্ঘটনাৰ বাবে মৃত্যু নহয়। ২০১৯-২৪ চনৰ ভিতৰত চৰকাৰী পৰিসংখ্যা অনুসৰি ঘাইপথসমূহত অধিকাংশ পথচাৰী দুর্ঘটনাত পতিত হৈ নিহত হয়। প্রায় ৩০ শতাংশ অর্থাৎ ১.৮ লাখতকৈ অধিক পথচাৰীৰ ঘাইপথৰ দুর্ঘটনাত মৃত্যু হয় প্রতি বছৰে। 

আনহাতে, মহানগৰসমূহৰ পথসমূহত সংঘটিত দুর্ঘটনাত ১২-১৩ শতাংশ পথচাৰী নিহত হয়। দেশৰ পৰিবহণ মন্ত্র্যালয়ে এই তথ্য শেহতীয়াকৈ প্রকাশ কৰিছে। 

চৰকাৰী তথ্য মতে, ২০১৯-২৪ চনৰ ভিতৰত প্ৰতি বছৰে ৩০,৫০০ পথচাৰীৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে। এই দুর্ঘটনা বিশেষকৈ কাৰ আৰু দুচকীয়া বাহনৰ সৈতে সংঘটিত হয়। পথ সুৰক্ষা বিশেষজ্ঞই প্ৰকাশ কৰা মতে, পৃথক আৰু নিৰাপদ পদপথৰ অভাৱৰ বাবেই এই উদ্বেগজনক ঘটনা বৃদ্ধি পাইছে।

Share This