ডিব্ৰুগড়ৰ চাও পাৰ্থ বৰগোহাঁইৰ পৰিচালিত 'হিৰাইথ' নির্বাচিত

dainik janambhumi August 09, 2025

ডিজিটেল ডেস্ক : আমেৰিকাৰ ষষ্ঠদশ সংখ্যক চিকাগো ছাউথ এছিয়ান ফিল্ম ফেষ্টিভেললৈ প্ৰদৰ্শনৰ বাবে আনুষ্ঠানিক নির্বাচনত ডিব্ৰুগড়ৰ চাও পাৰ্থ বৰগোহাঁইৰ পৰিচালিত 'হিৰাইথ' চলচ্চিত্রখন নির্বাচিত হৈছে। 

অহা ১৪ ছেপ্টেম্বৰৰ পৰা ২১ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব লগা এই ফিল্ম ফেষ্টিভেলত নির্বাচিত হৈ উৎফুল্লিত হৈ পৰিছে চলচ্চিত্ৰখনৰ প্ৰযোজক ছেংপেম বৰগোহাঁই, সহ প্রযোজক ৰুচি বৰুৱা, পৰিচালক চাও পাৰ্থ বৰগোহাঁই আৰু সহ পৰিচালক ভিক্তৰ দাসৰ লগতে চলচ্চিত্ৰখনৰ সকলো কলা-কুশলী। 

চলচ্চিত্ৰখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে মেঘালী কলিতা, অতনু মহন্ত আৰু অসীম শর্মাই।

Share This