ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

dainik janambhumi August 22, 2025

ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্রনে বৃহস্পতিবাৰে ইউক্রেইন আৰু পশ্চিম এছিয়াৰ সংঘাতৰ শান্তিপূর্ণ সমাধানৰ প্ৰচেষ্টাৰ বিষয়ত মত বিনিময় কৰে। এই বিষয়ে সামাজিক মাধ্যম এক্সত প্রধানমন্ত্রী মোদীয়ে কয়, 'মোৰ বন্ধু ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে সুন্দৰ বাৰ্তালাপ হ'ল। 

আমি ইউক্রেইন আৰু পশ্চিম এছিয়াৰ সংঘাতৰ শান্তিপূর্ণ সমাধানৰ প্ৰচেষ্টাৰ বিষয়ত মত বিনিময় কৰিলোঁ।' প'ষ্টটোত মোদীয়ে আৰু কয়, 'ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা শক্তিশালী কৰাৰ আমাৰ প্ৰতিশ্রুতি পুনৰ দৃঢ় কৰিলোঁ।' ইফালে মেক্রনেও এক্সত এটা প'ষ্টত কয়, 'মই এইমাত্র প্রধানমন্ত্রী মোদীৰ সৈতে কথা পাতিলোঁ। 

ইউক্রেইন আৰু ইউৰোপৰ নিৰাপত্তাৰ বাবে শক্তিশালী আশ্বাসেৰে সৈতে এক ন্যায়সংগত আৰু স্থায়ী শান্তিৰ পথৰ বাবে আমাৰ স্থিতিৰ কথা প্ৰকাশ কৰিলোঁ। আমাৰ বাণিজ্য বিষয়ত, আমি আমাৰ অৰ্থনৈতিক বিনিময় শক্তিশালী কৰাত সম্মত হ'লোঁ তথা সকলো ক্ষেত্ৰতে আমাৰ কৌশলগত অংশীদাৰিত্বৰ বাবেও মান্তি হ'লোঁ।' 

যোৱা ফেব্ৰুৱাৰীত পেৰিছত অনুষ্ঠিত 'এ আই একশ্যন ছামিট'ৰ কথা উল্লেখ কৰি মেক্রনে কয়, 'পেৰিছত যোৱা ফেব্ৰুৱাৰীত অনুষ্ঠিত 'এ আই একশ্যন ছামিট'ৰ পাছত আমি দিল্লীত ২০২৬ চনত অনুষ্ঠিত হ'বলগীয়া 'এ আই ইমপেক্ট ছামিট'ৰ বাবে কাম কৰি আছোঁ।'

Share This