থাইলেণ্ডৰ প্রধানমন্ত্রী শ্বিনাৱাত্ৰাক নিলম্বন

dainik janambhumi July 02, 2025

ডিজিটেল ডেস্ক : থাইলেণ্ডৰ প্রধানমন্ত্রী পেটংতার্ন শ্বিনাৱাত্রাক মঙলবাৰে দেশখনৰ ন্যায়ালয়ে নিলম্বিত কৰে। কম্বোডিয়াৰ নেতা হুন চেনৰ সৈতে টেলিফ'নিক বার্তালাপত শ্বিনাৱাত্রাই দেশখনৰ সামৰিক কমাণ্ডাৰক লৈ আপত্তিজনক মন্তব্য দিয়াৰ অভিযোগ উঠে। ইয়াৰ পাছত আদালতে এই অভিযোগ বিচাৰ প্ৰক্ৰিয়া সম্পূর্ণ নোহোৱালৈকে তেওঁক পদৰ পৰা অপসাৰণ কৰে।

শ্বিনাৱাত্ৰাৰ হুন চেনৰ সৈতে হোৱা টেলিফ'নিত বার্তালাপ ফাদিল হোৱাৰ পাছত সমগ্র দেশখনত তীব্র প্রতিবাদৰ জোৱাৰ উঠিছিল। আদালতে কালি তেওঁক ৭-২ সংখ্যাগৰিষ্ঠ ভোটৰ ব্যৱধানত পদবীৰ পৰা অপসাৰণ কৰাৰ সিদ্ধান্ত লয়। এই অভিযোগ সত্য প্রমাণিত হ'লে শ্বিনাৱাত্রাই চিৰদিনৰ বাবে প্ৰধানমন্ত্ৰীৰ পদ হেৰুৱাব। ইফালে প্ৰধানমন্ত্ৰীগৰাকীয়ে নৈতিকতা উলংঘা কৰা বুলি স্বীকাৰ কৰে আৰু তেওঁৰ বিৰুদ্ধে তদন্ত প্রক্রিয়া সম্পূর্ণ নোহোৱালৈকে প্রধানমন্ত্রী পদৰ পৰা আঁতৰি থাকিব বুলি কয়। তেওঁৰ স্থানক উপ-প্রধানমন্ত্রী ফুমথাম বেছায়াচায়ে চৰকাৰ চলাই নিব। দেশখনৰ ৰজাই তেওঁৰ চৰকাৰত হোৱা সালসলনিত অনুমোদন জনাইছে।

শ্বিনাৱাত্রাই নিজকে দেশখনৰ সাংস্কৃতিক মন্ত্ৰীৰূপে ঘোষণা কৰে। ইফালে দেশখনৰ মৰ্চা চৰকাৰৰ এটা প্রধান সহযোগী দলে সমর্থন প্রত্যাহাৰ কৰাত চৰকাৰখন সংকটৰ সন্মুখীন হৈছে।

Share This