পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ পৰিকল্পনা, 'পার্পল চিটি' হ'ব গুৱাহাটী

dainik janambhumi May 30, 2026

ডিজিটেল ডেস্ক: পিংক চিটি জয়পুৰ, অৰেঞ্জ চিটি নাগপুৰৰ দৰে পাৰ্পল চিটি হ'ব গুৱাহাটী, কপৌবুলীয়া কোমল পার্পল ৰঙে সাবটি ল'ব গুৱাহাটীক। কালি এই অভিনৱ পৰিকল্পনাৰ বিষয়ে জানিবলৈ দি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কয় যে বিহুৰ লগত কপৌফুল সংপৃক্ত। সেয়েহে, কপৌফুলৰ বেঙুনীয়া ৰঙেৰে গুৱাহাটীক সজোৱাৰ চিন্তা কৰা হয় কালি পৌৰ নিগমত অনুষ্ঠিত এখন সাধাৰণ সভাত। মেয়ৰজনে কয় যে গুৱাহাটীৰ দোকানসমূহৰ ছাটাৰ, গার্ডৱালসমূহ, ব্যক্তিগত আৱাসৰ গেটসমূহ যদি একে বেঙুনীয়া ৰঙৰ হয় তেতিয়াহ'লে ভাল হ'ব। অৱশ্যে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিহে এই সম্পর্কত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰা হ'ব। 

কালিৰ সাধাৰণ সভাখনত পোহৰ, পথ, পানীকে ধৰি গুৱাহাটীৰ বহুকেইটা গুৰুত্বপূৰ্ণ সমস্যা সম্পৰ্কত বিস্তৃতভাৱে আলোচনা কৰা হয়। এই সভাতে নৱনিৰ্বাচিত চাৰিজন বিধায়ক ক্রমে দিল্লুৰঞ্জন শৰ্মা, প্রদ্যুৎ বৰদলৈ, বিজয় গুপ্তা আৰু ড° তপন দাসে জি এম চিৰ পদেন সদস্য হিচাপে শপতগ্ৰহণ কৰে। 

সভাৰ অন্তত দিপ্লুৰঞ্জন শর্মাই কয় যে সকলোৱে এটা টীম হিচাপে কাম কৰিব আৰু মহানগৰবাসীক যিকোনো সমস্যাত তৎকাল সঁহাৰি দিয়াক অগ্রাধিকাৰ দিয়া হ'ব। আনহাতে, মেয়ৰ মৃগেন শৰণীয়াই গুৱাহাটীক স্বচ্ছ আৰু কৃত্রিম বানমুক্ত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও জানিবলৈ দিয়ে।

Share This