ডিজিটেল ডেস্ক : অসমীয়া চিনেমাৰ ইতিহাসত সকলো অভিলেখ ভংগ কৰি অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষ চিনেমা 'ৰৈ ৰৈ বিনালে'ই মাত্র ৫ দিনত প্রায় ১১ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।
পুৱতি নিশাই চিনেমা হলত দৰ্শনী আৰম্ভ হোৱা, এটা দিনত অসমৰ সকলো চিনেমা হলৰ সকলো শ্ব'ত একেখন চিনেমাই প্রদর্শিত হোৱাকে ধৰি অসংখ্য নতুন নতুন অভিলেখ সৃষ্টি কৰা জুবিনৰ এই চিনেমাখনে বহু ঠাইত বহুকেইটা নতুন চিনেমা হ'লো খোলাই দিলে।
কেৱল 'ৰৈ ৰৈ বিনালে'ৰ বাবেই জাগীৰ'ড, দুলীয়াজান, শিমলুগুৰিৰ দৰে ঠাইত চিনেমা হল খোল খাই গ'ল। জানিব পৰা মতে, অহা তিনি মাহলৈ অসমৰ চিনেমাহলসমূহত এই চিনেমাখন চলি থাকিব আৰু ইতিমধ্যেই ১৫ নৱেম্বৰ পৰ্যন্ত সকলো টিকট অগ্রিম বুকিং হৈয়েই আছে। গতিকে, অনাগত দিনত জুবিনৰ এই চিনেমাখনে আৰু কি কি মাইলৰ খুঁটি পুতি দিব সেয়া সময়েহে ক'ব।