হেবিটেট চলচ্চিত্র মহোৎসৱলৈ 'ৰোমাণ্টিক এফেয়াৰ্ছ'

dainik janambhumi May 07, 2026

ডিজিটেল ডেস্ক : অসমৰ চলচ্চিত্ৰ জগতৰ বাবে পুনৰ এক সুখবৰ। অসমবাসীক গৌৰৱান্বিত কৰি নতুন দিল্লীৰ ১৮ সংখ্যক হেবিটেট চলচ্চিত্র মহোৎসৱ-২০২৬লৈ নির্বাচিত হৈছে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক পৰিচালক মঞ্জুল বৰুৱা পৰিচালিত ৰোমাণ্টিক এফেয়াৰ্ছ' নামৰ ছবিখন। এ এম টেলিভিছনৰ বেনাৰত ড° সঞ্জীৱ নাৰায়ণ আৰু ডাঃ অক্ষতা নাৰায়ণে প্রযোজনা কৰা 'ৰোমাণ্টিক এফেয়াৰ্ছ' হৈছে নৱ-প্ৰজন্মৰ কাহিনীৰে নিৰ্মাণ কৰা এখন নতুনত্বৰে পূৰ্ণ চলচ্চিত্র। 

ৰোমাণ্টিক এফেয়াৰ্ছ ছবিখনৰ কাহিনী, চিত্রনাট্য আৰু সংলাপ পৰিচালক মঞ্জুল বৰুৱাৰ। মূলতঃ কৈশোৰ বয়সৰ এটা সঁচা ঘটনাৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই ছবিখন। বর্তমান সময়ত কৈশোৰ অৱস্থাত কিশোৰীসকল যিবোৰ সমস্যাত ভুগি থাকে বা যি ধৰণৰ সমস্যাৰ সন্মুখীন হয়, সেই সকলো বিষয় সামৰি এই ছবিখন নির্মাণ কৰা হৈছে। গুৱাহাটী, হোজাই-লামডিং আৰু চেৰাপুঞ্জীত দৃশ্যগ্ৰহণ কৰা এই ছবিখনৰ মুখ্য চৰিত্ৰত কাচভি শৰ্মা, বলোৰাম দাস, অৰুণ নাথ, স্বাগতা ভৰালী, দীপজ্যোতি কাকতী, ৰীণা বৰা, অলকজ্যোতি শইকীয়া, গায়ত্রী শৰ্মা, ৰোনাল্ড হুছেইনৰ লগতে বহু ন-পুৰণি অভিনেতা-অভিনেত্রীয়ে অভিনয় কৰিছে। 

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও 'ৰোমাণ্টিক এফেয়াৰ্ছ' ছবিখন নিউয়র্ক ইণ্ডিয়ান ফিল্ম ফেস্টিভেল ২০২৬ত শ্রেষ্ঠ ছবি আৰু শ্রেষ্ঠ অভিনেত্ৰীৰ শিতানত মনোনীত হোৱাৰ লগতে দিল্লীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ নির্বাচিত হৈছিল। তদুপৰি মণিপুৰত অনুষ্ঠিত তৃতীয় নৰ্থ ইষ্ট ইণ্ডিয়া ছবি মহোৎসৱত 'ৰোমাণ্টিক এফেয়াৰ্ছ' ছবিখনে শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছিল। মুম্বাইত অনুষ্ঠিত থার্ড আই এছিয়ান ছবি মহোৎসৱতো ছবিখনে তিনিটাকৈ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

Share This