পুৰণিগুদামত সাতখন নাটক মঞ্চস্থ

Ankita Sonowal August 04, 2023

ডিজিটেল ডেস্কঃ অসমৰ অপেছাদাৰী নাট্য অনুষ্ঠান ‘নৱসৃষ্টি’ৰ উদ্যোগত যোৱা চ্ছ জুলাইৰ নিশা পুৰণিগুদামৰ ড॰ ভবেন্দ্ৰনাথ শইকীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এটি নাট্যসন্ধিয়া৷ ২০০৯ চনৰ পৰাই অসমৰ সাংস্কৃতিক জগতখনত অনবদ্য অৱদান আগবঢ়াই অহা নৱসৃষ্টি নাট্যগোষ্ঠীয়ে উক্ত নিশা মঞ্চস্থ কৰে দুখন নাটক ‘ভুৱনপুৰত ভুল’ আৰু ‘কবিতাৰ শিৰোনাম ডট ডট ডট’৷ ‘ভুৱনপুৰত ভুল’ নাটখনত অভিনয় কৰে ক্ৰমে বিকি বৰা, কুমকুম মণি বৰা, শিবাশ্ৰী বৰা, অনুষা কাশ্যপ, নিশিতা বৰা, পূবাশ্ৰী বাৰিক, গায়ত্ৰী কলিতা, প্ৰণয় কৌশিক বৰুৱা, নীতিশ বৰা, ময়ূৰ পৱন শইকীয়া, ৰাজা বৰা, প্ৰাচুৰ্যপ্ৰাণ ভূঞা, বিশাল হাজৰিকা, হৰ্ষকিশোৰ বৰা, মানসজ্যোতি বৰা, প্ৰিয়াংশু বৰা, কৌস্তভ বৰা, বিকাশ বৰা, অৰিন্দম বৰাই৷ নাটকখনৰ সংগীত দেৱজিত বৰুৱা; পোহৰ প্ৰশান্ত বৰা; মঞ্চসজ্জা সন্তোষ বৰা, নিতিশ বৰা, বিকি বৰা, কৌস্তভ বৰা; ৰূপসজ্জা সন্তোষ বৰা, ৰঞ্জন বৰা; সাজসজ্জা তৃষ্ণা দেৱী কলিতা, দুৰ্লভ বৰা, ৰঞ্জন বৰা৷ আনহাতে, ‘কবিতাৰ শিৰোনাম ডট ডট ডট’ নাটখনত অভিনয় কৰে ক্ৰমে মিণ্টু কলিতা, বৰ্ণালী বৰুৱা, ছানি গায়ন, গায়ত্ৰী কলিতা, দিব্যজ্যোতি হাজৰিকাই৷ নাটখনত সংগীত দেৱজিত বৰুৱা, পোহৰ সীমান্ত কলিতা, প্ৰশান্ত বৰা, মঞ্চসজ্জা সন্তোষ বৰা, নিতিশ বৰা, বিকি বৰা, ৰূপসজ্জা মিণ্টু কলিতা, সাজসজ্জা তৃষ্ণা দেৱী কলিতাৰ৷ দুয়োখন নাটৰে নাট্যকাৰ-পৰিচালনা সীমান্ত কলিতাৰ৷ উক্ত নাট্যানুষ্ঠানৰ আগেয়ে ২০২৩-২৪ বৰ্ষৰ বাবে নৱসৃষ্টিৰ পৰিয়ালে বিশিষ্ট নাট্যকাৰ-পৰিচালক দীপক বৰাক ‘মঞ্চসূৰ্য’ বঁটা প্ৰদান কৰে৷ উক্ত বঁটাত আছে এটা স্মাৰক, ফুলাম গামোচা, এখন চেলেং, সম্বৰ্ধনা পত্ৰ৷ বঁটা প্ৰদান অনুষ্ঠানত পুৰণিগুদাম ড॰ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ নৃপেন চন্দ্ৰ দাস, অসম নাট্য সন্মিলন পুৰণিগুদাম শাখাৰ সভাপতি ৰঞ্জন তামুলী প্ৰমুখ্যে পুৰণিগুদামৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

 

 উল্লেখযোগ্য যে নৱসৃষ্টিয়ে বিশেষকৈ বিগত দিনত শিশুসকলৰ বৌদ্ধিক আৰু মানসিক বিকাশৰ উদ্দেশ্যে শিশুসকলৰ মাজত বিভিন্ন কৰ্মশালা আয়োজন কৰি অহাৰ লগতে বিভিন্ন নাট প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আহিছে৷ ইফালে, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত পুৰণিগুদামৰ অবিনশ্বৰ গোষ্ঠী আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত পুৰণিগুদাম ড॰ ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী প্ৰেক্ষাগৃহত বিধানসভা সমষ্টিভিত্তিত অনুষ্ঠিত হোৱা চামগুৰি সমষ্টিৰ গ্ৰীষ্মকালীন নাট কৰ্মশালাখন যোৱা ১৭ জুলাইৰ পৰা আৰম্ভ কৰি ২৯ জুলাইত সামৰণি ঘটায়৷ উক্ত কৰ্মশালাত সত্তৰগৰাকীৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি সামৰণি অনুষ্ঠানত পাঁচখন সৰু সৰু নাটকেৰে সজ্জিত কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে৷ অবিনশ্বৰ গোষ্ঠীৰ সম্পাদক দীপক বৰাই আঁত ধৰা উক্ত অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক তথা লেটুগ্ৰাম সত্ৰৰ অধিকাৰ কৃষ্ণ গোস্বামীয়ে৷ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নগাঁও জিলাৰ সাংস্কৃতিক উন্নয়ন বিষয়া সৌৰভ পানীফুকন৷ বিয়লি প্ত-৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা অনুষ্ঠানটোত ক্ৰমে দীপক বৰাৰ ৰচনা আৰু সীমান্ত কলিতাৰ পৰিচালনাৰে নাটক ’৪২ত বঢ়মপুৰৰ বৰভোজ, খগেন কুমাৰ গায়নৰ ৰচনা আৰু পৰিচালনাৰে ‘বগলী বাইটিৰ বাণী’, ৰঞ্জন কুমাৰ বৰাৰ নাট্যৰূপ আৰু পৰিচালনাৰে ‘বেলি আৰু বতাহ’, পূৰবী শইকীয়াৰ ৰচনা আৰু মিণ্টু কলিতাৰ পৰিচালনাৰে ‘পৰিণাম’ আৰু উৎপল কুমাৰ দাসৰ ৰচনা আৰু ৰবীন শইকীয়াৰ পৰিচালনাৰে মঞ্চস্থ হয় নাটক ‘তীখৰ’৷ নাটককেইখনত আৱহ সংগীতত সহযোগ কৰে ৰঞ্জন কুমাৰ বৰা, বিনোদ ভূঞা, খগেন কুমাৰ গায়ন আৰু জ্যোতি জিমলি মহন্ত আৰু অনিল বৰাই৷ পোহৰত সীমান্ত কলিতা, প্ৰাণজিৎ বৰা, মিণ্টু, ৰূপসজ্জাত সন্তোষ বৰা, প্ৰাণজিৎ বৰা, দৃশ্যসজ্জাত দিগন্ত কুমাৰ বৰা, অনিল বৰা, প্ৰিয়ংকু শইকীয়া, জিতুমণি বৰা, সাজসজ্জাত থানেশ্বৰ বৰা আৰু অবিনশ্বৰৰ সমূহ সদস্য৷ সমগ্ৰ নাট কৰ্মশালাত প্ৰশিক্ষক হিচাপে প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰে দীপক বৰা, ৰাজেন ফুকন, খগেন কুমাৰ গায়ন, পৰাগজ্যোতি কলিতা, সুস্মিতা শইকীয়া, ৰঞ্জন বৰা, ৰবীন শইকীয়া, সীমান্ত কলিতা, মিণ্টু কলিতা আদিয়ে৷ নাট প্ৰদৰ্শনৰ অন্তত প্ৰশিক্ষাৰ্থীসকলক একোখনকৈ প্ৰমাণ-পত্ৰ প্ৰদান কৰা হয়৷

n দিব্যজ্যোতি ভূঞা

Share This