ডিজিটেল ডেস্ক : তেজপুৰত বুধবাৰে উপস্থিত হয়হি এগৰাকী বিশেষ চাইকেল আৰোহী। যি ২৭খন ৰাজ্য আৰু ৬খন কেন্দ্ৰীয় শাসিত ৰাজ্য চাইকেলেৰে অতিক্ৰম কৰাৰ লক্ষ্য লৈ ইতিমধ্যে ৪২,৫০০ কিল'মিটাৰৰো অধিক পথ অতিক্ৰম কৰিছে। ভাৰতীয় চাইকেল আৰোহী পাপু ৰাম চৌধুৰীয়ে 'শক্তি সংকল্প অভিযান'ৰ নেতৃত্ব দিছে পৰিৱেশ সংৰক্ষণ আৰু যুৱ সবলীকৰণৰ বাবে এক ৰূপান্তৰকাৰী ৰাষ্ট্ৰীয় আন্দোলনৰ। ৰাজস্থানৰ নাগৌৰৰ বাসিন্দা, অক্সিহাংগাৰ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক আৰু বিশিষ্ট সহনশীলতা-ভিত্তিক চাইকেল আৰোহী পাপু ৰাম চৌধুৰীয়ে বুধবাৰে নিশা জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ তত্ত্বাৱধানত তেজপুৰৰ আৱৰ্ত ভৱনত নৈশ যাপন কৰাৰ পাছত আজি তেজপুৰৰ সাংবাদিকক সম্বোধন কৰি কয়, বর্তমান 'শক্তি সংকল্প অভিযান' শীর্ষক এক ৰাষ্ট্ৰীয় অভিযানৰ নেতৃত্ব দিয়া হৈছে।
এই অভিযান ৬০,০০০ কিল'মিটাৰৰ চাইকেল যাত্রা। যাৰ উদ্দেশ্য হৈছে পৰিৱেশগত স্থায়িত্ব, যুৱ সবলীকৰণ আৰু সামাজিক সজাগতা বৃদ্ধি কৰা। যোৱা ২৫ এপ্ৰিলত আৰম্ভ কৰা এই অভিযানটোৱে ইতিমধ্যে ৪২,৫০০ কিল'মিটাৰৰো অধিক পথ অতিক্ৰম কৰিছে। এই যাত্ৰাই 'বৈচিত্র্যৰ মাজত ঐক্য' আৰু ব্যক্তিগত অংগীকাৰৰ শক্তিৰ প্ৰতীক হিচাপে আত্মপ্রকাশ কৰিছে। 'শক্তি সংকল্প অভিযান'ৰ কৌশলগত উদ্দেশ্যসমূহ অক্সিহাংগাৰ ফাউণ্ডেশ্যনৰ তত্ত্বাৱধানত পৰিচালিত। এই ৰাষ্ট্ৰীয় অভিযানৰ মুখ্য উদ্দেশ্যসমূহ হৈছে পৰিৱেশ সংৰক্ষণ আৰু বৃহৎ পৰিসৰত গছপুলি ৰোপণক উৎসাহিত কৰা। নগৰ আৰু গ্ৰামাঞ্চলত পথ-সুৰক্ষা সম্পৰ্কীয় সজাগতা বৃদ্ধি কৰা। যুৱ সমাজক স্বাস্থ্যসন্মত জীৱনশৈলী, শৃংখলা আৰু ফিটনেছৰ প্ৰতি উৎসাহিত কৰা আৰু মাদক দ্রব্য বিৰোধী সজাগতা অভিযান চলোৱা। নাগৰিকৰ দায়িত্ববোধ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ মূল্যবোধক প্ৰসাৰিত কৰা। এই অভিযানৰ অংশ হিচাপে ইতিমধ্যে ৩৪,১০০ৰো অধিক গছপুলি - ৰোপণ কৰা হৈছে।
পাপু ৰাম চৌধুৰীয়ে ২০২৬ চনত মাউন্ট এভাৰেষ্ট আৰোহণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে। ইয়াৰ জৰিয়তে তেওঁ পৰিৱেশ সংৰক্ষণ আৰু জাতীয় গৌৰৱৰ বাৰ্তা পৃথিৱীৰ সৰ্বোচ্চ শৃংগলৈ লৈ যাব বিচাৰে। তেওঁৰ এই উদ্যোগে দেশজুৰি হাজাৰ হাজাৰ যুৱক-যুৱতী, শিক্ষা প্রতিষ্ঠান আৰু সমাজক অনুপ্রাণিত কৰি আহিছে। অক্সিহাংগাৰ ফাউণ্ডেশ্যন হৈছে এক সমাজমুখী সংস্থা, যি সমগ্র - ভাৰতত পৰিৱেশ সংৰক্ষণ, যুৱ উন্নয়ন আৰু জনসচেতনতা বৃদ্ধিৰ বাবে কাম কৰি আছে। বিভিন্ন প্ৰভাৱশালী অভিযান আৰু তৃণমূল পর্যায়ৰ কাৰ্যসূচীৰ জৰিয়তে সংস্থাটোৱে এক সুস্থ, সেউজীয়া আৰু অধিক দায়িত্বশীল সমাজ গঢ়ি তোলাৰ লক্ষ্য লৈ কাম কৰি আছে। ইতিমধ্যে অৰুণাচল প্ৰদেশৰ পৰা অহা এই চাইকেল আৰোহীগৰাকী কালি তেজপুৰত উপস্থিত হোৱাৰ পাছত কালি অসমৰ চাহৰ প্ৰসংগও উল্লেখ কৰে।