গুৱাহাটীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড! মাতৃ-পুত্ৰৰ হাত-ভৰি বান্ধি অকথ্য নির্যাতন চলাই আছে লুটিলে সম্পদ 

Kakali Deka July 20, 2024

ডিজিটেল ডেস্কঃ এক হৃদয় কঁপোৱা ডকাইতৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ নুনমাটিৰ আনন্দনগৰত। উল্লেখ্য যে, নুনমাটিৰ এক নং আনন্দ নগৰৰ বাসিন্দা তথা বিধবা মহিলা ইভা আইন কুল্লুৱে কালি নিশা ভাত পানী খাই ১৫ বছৰীয়া পুত্র বাবু আইন কুল্লুক লগত লৈ বিছনাত শুই যায়। 

আজি পুৱতি নিশা ২.৩০ বজাত ছয়জনীয়া ডকাইতৰ দলে পাকঘৰৰ খিড়িকীৰ ৰড ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে। ডকাইতৰ দলটো শোৱনি কোঠাত প্ৰৱেশ কৰি গৃহস্থ বিছনাত শুই থকা অৱস্থাত মুখত সোপা দি হাত ভৰি বান্ধি দিয়ে। 

ঘোৰ নিদ্রা অৱস্থাত থকা মাতৃ-পুত্ৰই প্ৰাৰম্ভিক অৱস্থাত তেওঁলোকৰ লগত কি হৈ আছে সেয়া অনুধাৱন কৰিব পৰা নাছিল। 

পৰৱৰ্তী অৱস্থাত ডকাইতৰ দলটোৱে মাতৃ-পুত্ৰৰ ডিঙিত চোকা অস্ত্ৰ লগাই চিঞৰ-বাখৰ নকৰিবলৈ উপৰ্যুপৰি প্ৰহাৰ কৰি ভাবুকি দিয়ে। 

অন্যথা তেওঁলোকক হত্যা কৰাৰ ভাবুকি দিয়ে। ইয়াৰ পিছতেই ডকাইতৰ দলটোৱে নগদ ধন আৰু গডৰেজৰ চাবি দিবলৈ মাতৃক ভাবুকি দিয়ে। চাবি লৈ ডকাইতৰ দলটোৱে গডৰেজ খুলি নগদ ৬০ হাজাৰ টকা আৰু চাৰি লাখ টকাৰ সোণৰ গহণা লুট কৰি নিয়ে।

উল্লেখ্য যে, ইভা আইন কুল্লুৱে ঘৰৰ ওচৰৰ এক কঠা পাঁচ লেচা ভূমি ৮০ লাখত বিক্ৰী কৰিছিল। সেই ৮০ লাখ টকা লুট কৰিবলৈ ছয়জনীয়া ডকাইতৰ দলে মুখত ক'লা কাপোৰ বান্ধি ডকাইতি কৰিবলৈ অহা বুলি পৰিয়ালে সন্দেহ প্রকাশ কৰিছে। 

অৱশ্যে ডকাইতৰ দলে টকাখিনি নিব নোৱাৰিলে বেংকত থকাৰ বাবে। 

ঘটনা সন্দৰ্ভত ইভা আইন কুল্লুৱে নুনমাটি থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰিছে যদিও এতিয়ালৈকে ডকাইতৰ শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে। 

ইপিনে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰি ডকাইতে এৰি থৈ যোৱা এযোৰ চেণ্ডেল, এপাত লোৰ চাবোল, ভঙা তলা জব্দ কৰিবলৈ সক্ষম হয়। 

ছয়জনীয়া ডকাইতৰ দলক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে তীব্ৰ অভিযান চলাই আছে।

Share This