ডিজিটেল ডেস্ক : বিহাৰৰ পাছত দেশৰ ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধন (এছ আই আৰ) কৰা হ'ব। এই প্রক্রিয়াটো আজি অর্থাৎ ২৮ অক্টোবৰৰ পৰা আৰম্ভ কৰা হ'ব আৰু ৭ ফেব্ৰুৱাৰীত ইয়াৰ অন্ত পৰিব। মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কালি আয়োজন কৰা এখন সংবাদমেলত এই কথা প্রকাশ কৰে। এই প্রক্রিয়াটোত ভোটাৰ তালিকা উন্নীত কৰাৰ লগতে নতুন ভোটাৰৰ নাম সংযোজিত কৰা হ'ব আৰু ভোটাৰ তালিকাত থকা ভুলসমূহ শুধৰণি কৰা হ'ব। মুখ্য নির্বাচন আয়ুক্তই প্রকাশ কৰা মতে, কালি নিশাৰ পৰা এছ আই আৰ হ'বলগীয়া ১২খন ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চল ক্রমে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, ছট্টিশগড়, গোৱা, গুজৰাট, কেৰালা, লাক্ষাদ্বীপ, মধ্য প্রদেশ, পুডুচেৰী, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগৰ ভোটাৰ তালিকা নিষ্ক্রিয় কৰা হ'ব।
উল্লেখযোগ্য যে এছ আই আৰ প্ৰক্ৰিয়াৰ জৰিয়তে নির্বাচন আয়োগে ভোটাৰ তালিকাৰ উন্নীতকৰণ কৰে। এই প্ৰক্ৰিয়াৰ জৰিয়তে ১৮ বছৰৰ অধিক বয়সৰ নতুন ভোটাৰৰ নাম ভোটাৰ তালিকাত অন্তর্ভুক্ত কৰা হয় আৰু যিসকল ভোটাৰৰ ইতিমধ্যে মৃত্যু হৈছে বা আন ঠাইলৈ উঠি গৈছে তেওঁলোকৰ নাম আঁতৰোৱা হয় আৰু ভোটাৰ তালিকাত নাম, ঠিকনা আদিত থকা ভুলসমূহ শুধৰোৱা হয়। বুথ পৰ্যায়ৰ বিষয়াই (বি এল অ') ঘৰে ঘৰে গৈ প্ৰ-পত্ৰ পূৰণ কৰোৱায়। উল্লেখযোগ্য যে প্রথম পৰ্যায়ৰ এছ আই আৰ বিহাৰত কৰোৱা হৈছিল আৰু ৰাজ্যখনৰ চূড়ান্ত ভোটাৰ তালিকাত ৭.৪২ কোটি ভোটাৰৰ নাম আছে। এই ভোটাৰসকলে ৰাজ্যখনত ৬ আৰু ১১ নৱেম্বৰত হ'বলগীয়া বিধানসভাৰ নির্বাচনত ভোটদান কৰিব। এছ আই আৰ হ'বলগীয়া ১২খন ৰাজ্যত প্রায় ৫১ কোটি ভোটাৰ আছে। এই প্রক্রিয়াটোত নির্বাচন আয়োগে প্রায় ৫.৩৩ লাখ বি এল অ' আৰু বিভিন্ন ৰাজনৈতিক দলৰ সাত লাখতকৈ অধিক বুথ পৰ্যায়ৰ এজেন্টক (বি এল এ) কামত লগোৱা হ'ব। এছ আই আৰ হ'বলগীয়া ৰাজ্যসমূহৰ ভিতৰত পশ্চিম বংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীত অহা বছৰ বিধানসভাৰ নির্বাচন অনুষ্ঠিত হ'ব। আনহাতে গোৱা, গুজৰাট, উত্তৰ প্ৰদেশত ২০২৭ বৰ্ষত তথা ছট্টিশগড়, মধ্য প্রদেশ, ৰাজস্থানত ২০২৮ত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। আন্দামান আৰু নিকোবৰ, লাক্ষাদ্বীপত বিধানসভা নাই।
মুখ্য নির্বাচন আয়ুক্তই লগতে প্রকাশ কৰে যে অহা বছৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া অসমত এছ আই আৰ কৰা নহয়। তেওঁ লগতে কয় যে দেশত ২১ বছৰৰ আগতে অন্তিমবাৰৰ বাবে ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধন কৰা হৈছিল। জ্ঞানেশ কুমাৰে প্ৰকাশ কৰা মতে এছ আই আৰত দেশৰ সকলো যোগ্য ভোটাৰৰ নাম অন্তর্ভুক্ত কৰা হ'ব আৰু অযোগ্য ভোটাৰৰ নাম তালিকাৰ পৰা বাদ দিয়া হ'ব। মুখ্য নির্বাচন আয়ুক্তজনৰ মতে নিৰ্বাচনৰ আগতে এছ আই আৰ কৰাটো আটাইতকৈ প্রয়োজনীয়। মুখ্য নির্বাচন আয়ুক্তই কালি সংবাদমেলত প্ৰকাশ কৰা অনুসৰি এতিয়াৰ পৰা দেশৰ প্ৰতিটো ভোট গ্রহণ কেন্দ্রত প্রায় ১০০০ ভোটাৰ থাকিব। প্রতিটো ভোট গ্রহণ কেন্দ্ৰতে এগৰাকীকৈ বি এল অ' থাকিব আৰু এটা বিধানসভা সমষ্টিৰ অন্তর্গত ভালেমান ভোট গ্রহণ কেন্দ্র থাকিব। প্রতিটো বিধানসভা সমষ্টিত এজনকৈ ভোটাৰ পঞ্জীয়ন বিষয়া (ই আৰ অ') থাকিব। ই আৰ অ'জন মহকুমা দণ্ডাধীশ (এছ ডি এম) পৰ্যায়ৰ বিষয়া হ'ব আৰু তেওঁ খচৰা ভোটাৰ তালিকা প্রস্তুত কৰিব, বিভিন্ন দাবী, ওজৰ-আপত্তিৰ সম্পৰ্কত তেওঁ সিদ্ধান্ত ল'ব আৰু চূড়ান্ত ভোটাৰ তালিকা প্রস্তুত তথা প্রকাশ কৰিব। প্ৰতিটো চক্ৰত এজনকৈ সহকাৰী ভোটাৰ পঞ্জীয়ন বিষয়া (এই আৰ অ') থাকিব। ই আৰ অ'ৰ সিদ্ধান্তৰ বিৰোধিতা কৰি প্ৰথমে দাখিল কৰা আৱেদনৰ শুনানি জিলা দণ্ডাধীশে গ্রহণ কৰি ৰায় দিব আৰু ইয়াৰ বিৰুদ্ধে দাখিল কৰা আৱেদনৰ শুনানি গ্রহণ কৰিব ৰাজ্য তথা কেন্দ্রীয়শাসিত অঞ্চলৰ মুখ্য নির্বাচনী বিষয়াই। উল্লেখযোগ্য যে ২৭ অক্টোবৰলৈকে ভোটাৰ তালিকাত নাম থকা প্রতিজন ভোটাৰৰ একক পিয়ল প্ৰ-পত্ৰ (ই এফ) ই আৰ অ'বা এই আৰ অ'ই ছপা কৰিব। ই এফত বৰ্তমানৰ ভোটাৰ তালিকাত থকা সকলো তথ্য উল্লেখ থাকিব। বি এল অ'ই ঘৰে ঘৰে গৈ এই প্ৰ-পত্ৰসমূহ প্রতিজন ভোটাৰক দিব। বি এল অ'ই ভোটাৰসকলৰ বা তেওঁলোকৰ আত্মীয়ৰ নাম ২০০২-২০০৪ত হোৱা এছ আই আৰৰ সৈতে মিলোৱা বা সংযোগ স্থাপনত বি এল অ'ই সহায় কৰিব। ইয়াৰ বাবে বি এল অ'ই পূৰ্বৰ এছ আই আৰৰ সৰ্বভাৰতীয় ডাটাবেছৰ সহায় ল'ব পাৰিব। আয়োগে ২০০২-২০০৪ত হোৱা এছ আই আৰক ভিত্তি হিচাপে লৈ এইবাৰ এছ আই আৰ কৰিব। আয়োগে প্রকাশ কৰা এছ আই আৰৰ সূচী অনুসৰি কাইলৈৰ পৰা ৩ নৱেম্বৰলৈ ই এফৰ ছপা কৰা তথা প্রশিক্ষণৰ দিয়া হ'ব। ৪ নৱেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈ ঘৰে ঘৰে গৈ ভোটাৰ সত্যৰ্পণ কৰিব। ৯ ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্রকাশ কৰা হ'ব আৰু ৮ জানুৱাৰীলৈকে কিবা ওজৰ-আপত্তি থাকিলে দাখিল কৰিব পাৰিব। এই ওজৰ-আপত্তিসমূহ পৰীক্ষা কৰি নিষ্পত্তি কৰিব ৯ ডিচেম্বৰৰ পৰা ৩১ জানুৱাৰীৰ ভিতৰত। সাত ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰা হ'ব ।