স্নিগ্ধা বৰঠাকুৰ সোঁৱৰণী অসমীয়া আধুনিক গীতৰ প্ৰতিযোগিতা

Ankita Sonowal August 04, 2023

ডিজিটেল ডেস্কঃ অসমীয়া আধুনিক গীতৰ সুস্থ ৰুচিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাত আত্মনিয়োগ কৰা নতুন প্ৰজন্মৰ শিল্পীসকলৰ মাজত তিনিচুকীয়াৰ নিৱাসী স্নিগ্ধা বৰঠাকুৰো আছিল অন্যতম৷ কিন্তু এইগৰাকী নিষ্ঠাৱান শিল্পীৰ অকাল মৃত্যু এক অপূৰণীয় ক্ষতি৷ এনে এগৰাকী শিল্পীয়ে আধুনিক গীতৰ চৰ্চাত জড়িত হওঁতে অসমীয়া সংগীতৰ জগতখনত পৰম্পৰাগতভাৱে প্ৰয়োগ হৈ অহা মৰ্যাদাসম্পন্ন সুৰ, ৰুচিসন্মত গীতৰ কথা আদি দিশবোৰৰ প্ৰতিও বিশেষভাৱে লক্ষ্য ৰাখিছিল৷ এনে এগৰাকী সুকণ্ঠী গায়িকাই আধুনিক গীতৰ ৰুচিবোধ ধৰি ৰাখিবলৈ যেনেদৰে আত্মনিয়োগ কৰি কম সময়ৰ ভিতৰতে সফলো হৈছিল, সেইগৰাকী কণ্ঠশিল্পীয়ে দেখুৱাই যোৱা বাটেৰে উঠি অহা সংগীত চৰ্চাকাৰীসকলেও যাতে অগ্ৰসৰ হ’ব পাৰে সেই লক্ষ্যৰে স্নিগ্ধা বৰঠাকুৰ সোঁৱৰণী ন্যাস, তিনিচুকীয়াৰ উদ্যোগত বিগত বছৰৰ দৰে এইবাৰো অসম ভিত্তিত ষষ্ঠ বাৰ্ষিক স্নিগ্ধা বৰঠাকুৰ সোঁৱৰণী অসমীয়া আধুনিক গীতৰ চূড়ান্ত প্ৰতিযোগিতা যোৱা চ্ছ জুলাইত শিল্পীগৰাকীৰ মৃত্যুৰ দিনটোত অনুষ্ঠিত হৈ যায়৷ উল্লেখযোগ্য যে বিগত মে’ মাহৰ পৰা ভিন্ন প্ৰন্তৰৰ পৰা বয়সৰ ঊৰ্ধবসীমা ১৮ বছৰ ধাৰ্য কৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ পৰা অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলৰ মাজত প্ৰাৰম্ভিক পৰ্যায়কেইটাৰ প্ৰতিযোগিতা সম্পন্ন হয়৷ অনলাইনযোগে অনুষ্ঠিত প্ৰাৰম্ভিক পৰ্যায়ৰ প্ৰতিযোগিতা পৰিচালনা কৰে প্ৰদ্যুৎ মিশ্ৰ, খ্ৰাও বয় ৰয়, ৰূপলেখা গোহাঁই, শংকৰ গুপ্ত আৰু পূৰ্ণেন্দু দাসে৷ স্নিগ্ধা বৰঠাকুৰ সোঁৱৰণী ন্যাস, তিনিচুকীয়াৰ উদ্যোগত আৰু গোলাপ চন্দ্ৰ ৰবি চন্দ্ৰ নাট্য মন্দিৰ তিনিচুকীয়াৰ সহযোগত চ্ছ জুলাইত অনুষ্ঠিত মূল প্ৰতিযোগিতালৈ নিৰ্বাচিত হোৱা মুঠ দহগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে৷ দহগৰাকীৰ মাজৰ পৰা কেইবাটাও ৰাউণ্ডত বিচাৰকে ৰাজকুমাৰী ফাল্গুনী [শিৱসাগৰ] প্ৰথম, কাবেৰী ফুকন [চাবুৱা] দ্বিতীয়, দুলীয়াজানৰ আয়ুষ্মান দত্তক তৃতীয় স্থানপ্ৰাপক প্ৰতিযোগীৰূপে নিৰ্বাচিত কৰে৷ প্ৰথম, দ্বিতীয়, তৃতীয় স্থান লাভ কৰাসকলক ক্ৰমে নগদ ২১ হাজাৰ, ১১ হাজাৰ আৰু জ্জ হাজাৰ টকা নগদ প্ৰদান কৰে৷ চূড়ান্ত প্ৰতিযোগিতাত বিচাৰকৰ দায়িত্বত আছিল প্ৰদ্যুৎ মিশ্ৰ [গুৱাহাটী], জয়ন্ত নাথ [যোৰহাট] আৰু ডিব্ৰুগড়ৰ মমতা বৰঠাকুৰ৷ চূড়ান্ত প্ৰতিযোগিতাত পৰ্যবেক্ষকৰ আসনত আছিল সূৰ্য গোস্বামী [গুৱাহাটী]৷ চূড়ান্ত প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে প্ৰয়াত কণ্ঠশিল্পী স্নিগ্ধা বৰঠাকুৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে স্বামী শান্তনু বৰঠাকুৰসহ পুত্ৰ, কন্যাসহিতে গুণমুগ্ধ তথা ন্যাসৰ সদস্যসকলে৷ প্ৰসংগক্ৰমে উনুকিয়াব পাৰি যে চ্ছ জুলাইৰ দিনা মূল প্ৰতিযোগিতা তিনিটা ৰাউণ্ডত অনুষ্ঠিত হয়৷ প্ৰথম ৰাউণ্ডত লোক সংগীত, দ্বিতীয়টোত ছেমি ক্লাছিকেল আৰু তৃতীয়টো ৰাউণ্ডত নিজৰ পচন্দৰ গীত পৰিৱেশন কৰে৷ দ্বিতীয় ৰাউণ্ডলৈ নিৰ্বাচিত প্ৰতিযোগীসকলে স্নিগ্ধা বৰঠাকুৰৰ গীত এটাৰ লগতে বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ, পাৰ্বতিপ্ৰসাদ, লক্ষ্মীনাথ বেজবৰুৱা আৰু কমলাকান্ত ভট্টাচাৰ্যৰ ভিতৰত যিকোনো এজনৰ গীত পৰিৱেশন কৰে৷ তেনেদৰে তৃতীয় ৰাউণ্ডলৈ যোৱাসকলে স্নিগ্ধাৰ গীতৰ লগতে এটা ছেমি ক্লাছিকেল [বোলছবি] আৰু এটা বিচাৰকৰ পচন্দৰ গীত গাব লগা হৈছিল৷ অৱশ্যে বিচাৰকৰ পচন্দৰ ভিতৰত ৰুদ্ৰ বৰুৱা, জ্যোতিষ ভট্টাচাৰ্য, ডলি ঘোষ আৰু বীণা ভাগৱতীৰ গীত থাকিব লাগিব বুলি উদ্যোক্তাসকলে নিৰ্ধাৰণ কৰি দিছিল৷ চ্ছ জুলাইৰ মূল প্ৰতিযোগিতাৰ পূৰ্বে ন্যাসৰ সদস্যসকলেপ্ৰবীৰ চক্ৰৱৰ্তীৰ ৰচনা আৰু হীৰেন গোহাঁয়ে সুৰ দিয়া সমৱেত সংগীতেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ সমগ্ৰ কাৰ্যসূচীৰ আঁত ধৰে মনমী সভাপণ্ডিত আৰু ভৈৰৱ গোহাঁয়ে৷

 অনন্ত নাৰায়ণ বৰঠাকুৰ

Share This