ডিজিটেল ডেস্ক : দেশত ২০২৯ চনৰ পৰা নতুন বাহন আৰু এছ ইউ ভিৰ বাবে প্ৰৱৰ্তন হ'ব 'বি এছ-৭' নির্গমণ মান। কেন্দ্রীয় চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ে এক খচৰা অধিসূচনা যোগে এই তথ্য প্ৰকাশ কৰিছে। অধিসূচনাত প্ৰকাশ কৰা হৈছে যে ২০২৯ চনৰ ১ এপ্ৰিলৰ পৰা 'বি এছ-৭' নির্গমণ মান প্ৰৱৰ্তনৰ পৰিকল্পনা কৰা হৈছে।
এই নির্গমণ মানৰ সকলো নতুন নীতি-নিয়ম ২০২৯ চনৰ এপ্ৰিলৰ পৰা ২০৩৫ চনৰ এপ্ৰিললৈ, ছবছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব। নাইট্ৰ'জেন অক্সাইড, হাইড্র'কার্বন আদি প্ৰদূষণৰ ক্ষেত্ৰত নতুন যানত কঠোৰ সীমাবদ্ধতা আৰোপ কৰা হৈছে।