ডিজিটেল ডেস্ক : ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা অসম বৈভৱৰ লগতে অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাপ্ৰাপকৰ নাম ঘোষণা কৰা হৈছে। ২০২৫ বৰ্ষৰ অসম বৈভৱ বঁটা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয়ৰ প্ৰতিষ্ঠাপক তথা বিশিষ্ট চিকিৎসক ডাঃ হর্ষ ভট্টাচার্যলৈ আগবঢ়োৱা হৈছে। একেদৰে অসম সৌৰভবঁটা আগবঢ়োৱা হৈছে ডাঃ কুশল কোঁৱৰ শৰ্মা, নুৰুদ্দিন আহমেদ, পুলক বেনাৰ্জী আৰু পূর্ণিমা দেৱী বৰ্মনলৈ।
ৰাজ্যখনলৈ বিভিন্ন ক্ষেত্রত অৱদান আগবঢ়োৱা দহগৰাকী ব্যক্তিৰ লগতে দুটা প্রতিষ্ঠানলৈকো অসম সৌৰভ বঁটা আগবঢ়োৱা হৈছে। কালি জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে প্ৰদান কৰিব লগীয়া এই বঁটাসমূহৰ প্ৰাপ্যকৰ নাম ঘোষণা কৰি কয় যে যোৱা বছৰ আমি এই বঁটা দিব পৰা নাছিলোঁ। গতিকে আজি আমি ২০২৫ চনৰ তালিকাখন প্রকাশ কৰিছোঁ। অহা এমাহৰ ভিতৰত ২০২৬ চনৰ তালিকাখনো প্রকাশ কৰা হ'ব। ২০২৫ চনৰ বঁটাসমূহ ডিচেম্বৰ মাহত আৰু ২০২৬ চনৰ বঁটাসমূহ অহা বছৰ জানুৱাৰী মাহত প্ৰদান কৰা হ'ব।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিশিষ্ট চিকিৎসক ডাঃ হর্ষ ভট্টাচার্যলৈ আগবঢ়োৱা হৈছে এইবাৰ অসম বৈভৱ বঁটা। ডাঃ হর্ষ ভট্টাচার্য যশস্বী চকু ৰোগ বিশেষজ্ঞ তথা গুৱাহাটীৰ বেলতলাস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম প্রধান চকু চিকিৎসালয় শ্রীমন্ত শংকৰদেৱ নেত্ৰালয়ৰ প্ৰতিষ্ঠাপক, ট্রাষ্টী। কেবিনেটে ২০২৫ চনৰ অসম বৈভৱ বঁটাৰ বাবে তেওঁক নির্বাচিত কৰিছে। আনহাতে, অসম সৌৰভ বঁটাৰ বাবে কেবিনেটে চাৰিগৰাকী ব্যক্তিক নির্বাচিত কৰিছে। এই বঁটা লাভ কৰাসকল হৈছে ক্রমে পদ্মশ্রী বঁটা লাভ কৰা ডাঃ কুশল কোঁৱৰ শৰ্মা। তেওঁ দেশৰ ভিতৰতে এগৰাকী বিখ্যাত বন্যপ্রাণী সংৰক্ষক তথা চিকিৎসক হিচাপে পৰিচিত। আনহাতে পদ্মশ্রী বঁটা লাভ কৰা শিল্পী নুৰুদ্দিন আহমেদকো এই বঁটা প্ৰদান কৰা হ'ব। কলা নির্দেশক হিচাপে দেশে-বিদেশে আহমেদে কাম কৰি অসমৰ নাম উজলাইছে। ইফালে অসমৰ সংগীত জগতৰ এটা চিনাকি নাম পুলক বেনাৰ্জীৰ লগতে হাড়গিলা বাইদেউ হিচাপে পৰিচিত পূর্ণিমা দেৱী বৰ্মনকো এই বঁটাৰ বাবে নির্বাচিত কৰা হৈছে।
উল্লেখযোগ্য যে অসম গৌৰৱ বঁটাৰ বাবে দেৱীপ্রসাদ বাগ্রোদিয়া, ফুটবল খেলুৱৈ হলীচৰণ নাৰ্জাৰী, ভাৰতীয় দৃষ্টিহীন ক্রিকেট দলৰ খেলুলৈ চিমু দাস, পাম অইলৰ ক্ষেত্ৰখনত কাম কৰি থকা হৰকান্ত বসুমতাৰী, সাঁচিপাতৰ পুথি সংৰক্ষক ধনজিৎ তালুকদাৰ, খাদ্য আৰু পৰ্যটন ক্ষেত্ৰৰ সৈতে জড়িত শিৱসাগৰ উদ্যেগী নিবেদিতা ইয়েন, দবা খেলুৱৈ মায়ংক চক্রবর্তী, কাৰ্বি আংলঙৰ আদাৰ খেতিয়ক জিতেন চাৰাংফাংচা, গাখীৰ উৎপাদন কৰি লাখপতি বাইদেউ হোৱা তনুমায়া সোণাৰ বিশ্বকর্মা, পর্যটন ক্ষেত্ৰখনৰ সৈতে জড়িত লখিমপুৰৰ দীকপাল লাহনক মনোনীত কৰা হৈছে। ইয়াৰ উপৰি সোণাপুৰ-চন্দ্ৰপুৰৰ 'কলং কপিলী' আৰু গোলাঘাটৰ 'পদুম পথাৰ এগ্রো-অর্গেনিক প্রডিউচাৰ কোম্পানীকো অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছে।